৫৮জনীয়া মন্ত্ৰীসভাৰে দ্বিতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে মোডীৰ শপত…

ডিজিটেল ডেস্কঃ ২০১৪ত প্ৰথমবাৰ প্ৰধানমন্ত্ৰী ৰূপে শপত লোৱা মোডীৰ মন্ত্ৰীসভাত আছিল ৪৫জন মন্ত্ৰী। প্ৰধানমন্ত্ৰীকে ধৰি সেইবাৰ মুঠ ৪৬জন মন্ত্ৰীয়ে শপত লৈছিল।এইবাৰ মোডীৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে পূৰ্বতকৈ ১২জন অধিক মন্ত্ৰীয়ে।
ইয়াৰে ২৪জনক দিয়া হৈছে কেবিনেট মন্ত্ৰীৰ মৰ্যাদা। উত্তৰ-পূবৰ প্ৰতিনিধি হিচাপে মোডীৰ মন্ত্ৰীসভাত অসম আৰু অৰুণাচলপ্ৰদেশৰ দুই মন্ত্ৰীয়ে স্থান লাভ কৰিছে। প্ৰথমটো কাৰ্যকালত গৃহ ৰাজ্যিক মন্ত্ৰী ৰূপে স্থান লাভ কৰা কিৰণ ৰিজিজুক এইবাৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী ৰূপে অন্তৰ্ভুক্ত কৰা হৈছে।
ডিব্ৰুগড় সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱা ৰামেশ্বৰ তেলীক মোডীৰ মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰীৰূপে অন্তৰ্ভুক্ত কৰা হৈছে। লক্ষণীয় যে, প্ৰথম কাৰ্যকালৰ বিত্তমন্ত্ৰণালয় চম্ভালা অৰুণ জেটলীয়ে এইবাৰ স্বাস্থ্যগত কাৰণত মন্ত্ৰিত্বৰ দায়িত্ব লোৱা নাই।
ইফালে, বিদেশ মন্ত্ৰী সুষমা স্বৰাজক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ বাবে চেষ্টা কৰা হৈছিল যদিও, দলীয় নেতৃত্বৰ সেই অনুৰোধ ৰক্ষা নকৰিলে স্বৰাজে। একেদৰে উমা ভাৰতী, মহেশ শৰ্মা আদি মন্ত্ৰীয়ে স্থান লাভ কৰা নাই নতুন মন্ত্ৰীসভাত।
জনতা দল ইউনাইটেডৰ কোনো এগৰাকী সাংসদকেই এইবাৰ মোডীৰ মন্ত্ৰীসভাত দেখা পোৱা নগ’ল। খবৰ অনুসৰি, জনতা দল ইউনাইটেডে এজন কেবিনেট আৰু দুজন ৰাজ্যিক মন্ত্ৰীৰ পদবী বিচাৰিছিল যদিও, দলটোক এটা কেবিনেট মন্ত্ৰীৰ পদ আগবঢ়োৱাত এই পদ গ্ৰহণ নকৰিলে দলটোৱে।
ৰামবিলাস পাছৱানে এইবাৰো কেবিনেট মন্ত্ৰী ৰূপে শপতগ্ৰহণ লৈছে। এইবাৰ লোকসভা নিৰ্বাচনত পাছৱানে প্ৰতিদ্বন্দ্বিতা কৰা নাছিল যদিও, ৰাজ্য সভালৈ তেওঁ নিৰ্বাচিত হৈ এই মন্ত্ৰিত্বৰ পদ চম্ভালিব বুলি অনুমান কৰা হৈছে।
পশ্চিমবংগৰ পৰা মোডীৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে বাবুল সুপ্ৰিয় আৰু দেৱাশ্ৰী চৌধাৰীয়ে। গুজৰাট, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, দিল্লীকে ধৰি প্ৰায় সকলো ৰাজ্যৰ পৰাই মোডীৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে নৱ নিৰ্বাচিত তথা ৰাজ্যসভাৰ সাংসদ সকলে।
দিল্লীৰ পৰা ড০ হৰ্ষ ৱৰ্ধনক কেবিনেট মন্ত্ৰীৰূপে স্থান দিয়া হৈছে। বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চা লাভ কৰা গিৰিৰাজ সিঙক পূৰ্বৰ ৰাজ্যিক মন্ত্ৰীৰ বিপৰীতে এইবাৰ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা দিয়া হৈছে। উল্লেখ্য যে, বিহাৰৰ বেগুছৰাই সমষ্টিৰ পৰা গিৰিৰাজ সিঙে প্ৰতিদ্বন্দ্বিতা কৰি ২০১৯ৰ লোকসভা নিৰ্বাচনত কানহাইয়া কুমাৰক পৰাস্ত কৰিছিল।
মোডী মন্ত্ৰীসভাত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হ’ল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। প্ৰধানমন্ত্ৰী ৰূপে মোডীয়ে শপত লোৱাৰ পাছতেই গৃহমন্ত্ৰী ৰাজনাথ সিঙে শপতবাক্য পাঠ কৰে। তাৰপাছতেই তৃতীয় স্থানত শপত লয় শ্বাহে।
অমিত শ্বাহৰ পাছতেই শপত লৈছিল বিজেপিৰ পূৰ্বৰ অধ্যক্ষ তথা পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। প্ৰাক্তন সেনা প্ৰধান জেনেৰেল ভি কে সিং, প্ৰাক্তন গৃহ সচিব আৰ কে সিং আৰু সুদীৰ্ঘ ৪০ বছৰ ধৰি বিদেশ সেৱাৰে জড়িত চীন আৰু ভাৰতত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন বিদেশ সচিব এছ জয়শংকৰেও মন্ত্ৰী ৰূপে শপত লয়।
The post ৫৮জনীয়া মন্ত্ৰীসভাৰে দ্বিতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে মোডীৰ শপত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/30Wyyrt
via IFTTT
Comments
Post a Comment