৩ মন্ত্ৰীপদ বিচৰা নাছিল জেডিইউৱেঃ নীতিশ কুমাৰ

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে শপত গ্ৰহণ সম্পন্ন হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে তেওঁৰ মন্ত্ৰীসভাৰ ৫৭ গৰাকী মন্ত্ৰীৰ। ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অন্যান্য কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰীসকলৰ শপত বাক্য পাঠ কৰোৱায়। উল্লেখ্য যে, এইবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে কেইবাখনো নতুন মুখে। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ দায়িত্বত থকা অমিত শ্বাহক মোডীৰ দ্বিতীয় কাৰ্যকালত গৃহ মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হয়।

ইফালে বৃহস্পতিবাৰে আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত এনডিএ সহযোগী দল জেডিইউৰ অধ্যক্ষ তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অনুপস্থিতিক লৈ সংবাদ মাধ্যমত চৰ্চা চলা পৰিলক্ষিত হয়। জেডিইউৱে বিচৰা ধৰণে মোডীৰ মন্ত্ৰীসভাত জেডিইউৰ ৩ সাংসদক মন্ত্ৰিত্ব প্ৰদান নকৰাৰ বাবেই অসন্তুষ্ট হৈ তেওঁ প্রধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱা নাই বুলি চৰ্চা চলে।

শুকুৰবাৰে সংবাদ মাধ্যমত চলা এই চৰ্চা ভুৱা আখ্যা দিয়ে নীতিশ কুমাৰে। তেওঁ কেতিয়াও ৩ টা মন্ত্ৰীপদ বিচৰা নাছিল বুলি স্পষ্ট কৰি দি সংবাদ মাধ্যমৰ সন্মুখত কয়, ‘আমি কেতিয়াও ৩টা মন্ত্ৰীপদ বিচৰা নাছিলো। মোক যেতিয়া কোৱা হৈছিল যে আমাৰ এগৰাকী সাংসদক মন্ত্ৰীপদ প্ৰদান কৰা হৈছে, তেতিয়া মই কৈছিলো যে ইয়াৰ কোনো প্ৰয়োজন নাই। তথাপি মই দলৰ অইন নেতা সকলৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিব বিচাৰিছিলো। তেতিয়া দলৰ বাকী সকলেও ইয়াকেই কয় যে মন্ত্ৰীপদ প্ৰদান কৰি প্ৰতিকাত্মক মিত্ৰতা প্ৰদশৰ্ন কৰাৰ কোনো প্ৰয়োজন নাই। আমি সদায় মিত্ৰদল। আৰু এয়া সত্য।’

The post ৩ মন্ত্ৰীপদ বিচৰা নাছিল জেডিইউৱেঃ নীতিশ কুমাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2KggUcD
via IFTTT

Comments