জাগীৰোড কাগজ কলৰ পুণৰুদ্ধাৰৰ বাবে বি আৰ এছ গ্ৰুপৰ অধ্যক্ষক সাক্ষাৎ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ …

ডিজিটেল ডেস্কঃ যোৱা বুধবাৰে অসমৰ নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ সন্দৰ্ভত নেশ্যনেল কোম্পানী ল’ এপিলেড ট্ৰিবিউনেলে এক গুৰত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল। ব্যক্তিগতখণ্ডক অৰ্পণৰ প্ৰসংগ উত্থাপনৰ পাছতেই যোৱা ২ মে’ তাৰিখে নগাঁও আৰু কাছাৰ কাগজ কল চৰকাৰে নিলাম কৰিবলৈ লোৱা কাৰ্যক প্ৰত্যাহ্বান জনাই কাগছ পেপাৰ প্ৰজেক্ট ৱৰ্কাৰ্ছ ইউনিউনে এন চি এল এ টিৰ ওচৰত এক আবেদন দাখিল কৰিছিল।
সেই আৱেদন অনুযায়ী বুধবাৰে ন্যায়াধীশ এছ জে মুখোপাধ্যায়, এ আই এছ চিমা আৰু কান্ঠী নাৰাহৰিৰে গঠিত তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণৰ অন্তত কাগজ কল দুটা নিলাম অ্থবা বন্ধ কৰাৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিছে।লগতে কাগজকল দুটাৰ বিষয়া কৰ্মচাৰীক চাকৰিৰ পৰা যাতে বৰ্খাস্ত কৰা নহয় আৰু অতি শীঘ্ৰে তেওঁলোকৰ প্ৰাপ্য ধন আদায় দিয়া হয় তাৰো নিৰ্দেশনা জাৰি কৰিছে তিনিজনীয়া বিচাৰপীঠে।বিচাৰপীঠখনে দিয়া নিৰ্দেশনাত এই কথাও কোৱা হয় যে- চৰকাৰে কাগজ কল দুটা কোনো কাৰণত নিলাম কৰিব নোৱাৰিব। তেনে পৰিস্থিতিৰ সৃৃষ্টি হ’লেও বিষয়া-কৰ্মচাৰীৰ সৈতে কোম্পানীলৈ হস্তান্তৰহে কৰিব পাৰিব।
কাগজ কল দুটাৰ সন্দৰ্ভত বিচাৰপীঠখনে দিয়া এই ৰায়ৰ পাছতে বৃহস্পতিবাৰে অসম চৰকাৰৰ ৰাজ্যিক স্বাহ্য আৰু পৰিয়াল কল্যাণ তথা নগৰ উন্নয়ণৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই সাক্ষাৎ কৰে বি আৰ এছ গ্ৰুপৰ অধ্যক্ষ ড° বি আৰ চেট্টীক। নতুন দিল্লীত মন্ত্ৰীজনে বৰ্তমান আবু-ধাবীৰ প্ৰবাসী ভাৰতীয় চেট্টীক সাক্ষাৎ কৰি কাগজ কল দুটাৰ পুণৰুদ্ধাৰ বাবে এক আলোচনাত মিলিত হয়।
এই আলোচনাতে মন্ত্ৰী পিয়ুষ হাজৰিকাই চেট্টীক জাগীৰোড কাগজ কলৰ পুণৰুদ্ধাৰৰ বাবে পুঁজি নিৱেশ কৰিবলৈ আমন্ত্ৰণ জনায়। এক সুত্ৰৰ খবৰ অনুসৰি মন্ত্ৰী হাজৰিকাৰ অনুৰোধমৰ্মে অচিৰেই মিলটোৰ পৰিচালনাৰ দায়িত্ব ল’ব বি আৰ এচ গ্ৰুপে।
The post জাগীৰোড কাগজ কলৰ পুণৰুদ্ধাৰৰ বাবে বি আৰ এছ গ্ৰুপৰ অধ্যক্ষক সাক্ষাৎ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ … appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2EGJeB8
via IFTTT
Comments
Post a Comment