যোৰহাটৰ পদপথৰ ব্যৱসায়ীক প্ৰতিস্থানৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ অভিযান
ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাট চহৰত দিনক দিনে বৃদ্ধি পাই অহা পদপথৰ ওপৰৰ ব্যৱসায়ীক প্ৰতিস্থানৰ বিৰুদ্ধে অৱশেষত অভিযান আৰম্ভ কৰিলে যোৰহাট আৰক্ষীয়ে। যোৰহাটৰ সদাব্যস্ত পথ সমূহৰ পদপথত একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে পথাচাৰীৰ অহাযোৱা কৰাত চুড়ান্ত সমস্যাৰ সৃষ্টি কৰি নিজৰ ব্যৱসায় প্ৰতিস্থা কৰি আহিছিল। যোৰহাট জিলা প্ৰশাসনক সাধাৰন ৰাইজে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহন নকৰা পিছত আজি যোৰহাট পৌৰসভা আৰু জিলা আৰক্ষী প্ৰশাসনৰ যুটীয়া অভিযানত বৰুৱা চাৰিআলি, ৰাজ্যিক বাছ আস্থানৰ সমীপত, পৌৰসভাৰ সন্মূখত আজি দুপৰীয়া অভিযান চলাই বহু কেইখন দোকান উচ্ছেদ কৰে। উচ্ছেদৰ সময়ত চোৱাত দোকান সমূহ সম্পূৰ্ণ ৰূপে ভাঙি পেলোৱাৰ উপৰিও বহু সামগ্ৰী নষ্ট হয়। আজিৰ অভিযানৰ পিছতো বহু পদপথৰ ব্যৱসায়ীয়ে নিজৰ দোকান এৰি পলায়ন কৰাও পৰিলক্ষিত হয়৷ পৌৰসভা আৰু আৰক্ষীৰ এই অভিযানৰ পিছতে যোৰহাটবাসীয়ে শলাগ লোৱাৰ লগতে পুনৰ যাতে ব্যৱসায়ীক প্ৰতিস্থান সমূহ পদপথত আৰম্ভ কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিবৰ বাবে আৰক্ষীক আহ্বান জনাইছে।
আনহাতে আৰক্ষীৰ এই অভিযানৰ পিছত একাংশ সাধাৰন ৰাইজে মন্তব্য কৰে যে যোৰহাটৰ গড় আলি, পি ডব্লিউ ডি পইন্ট, পেন্টালুনচৰ সমীপৰ লগতে প্ৰিন্স অৱ ৱেলচৰ সন্মূখৰ পদপথটো ব্যৱসায়ীক প্ৰতিস্থান সমূহে অবৈধ ভাৱে পদপথ অধিগ্ৰহন কৰি ৰাখিছে যদিও আজি পৰ্য্যন্ত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহনৰ সাহস দেখুৱাব নোৱাৰিলে। আনহাতে জেবি ৰোড চাৰিআলিত থকা এটা পেট্ৰল ডিপো পদপথৰ ওপৰতে থকা বুলি মন্তব্য কৰি কয় যে ডিপো টোত তেল ভৰাবলৈ যোৱা গাড়ী মটৰ চাইকেলৰ বাবে পথাচাৰী সমস্যাৰ সন্মূখীন হৈ আহিছে। এই স্থান সমূহতো আৰক্ষীৰ হস্তক্ষেপ দাবী কৰিছে ৰাইজে। উল্লেখযোগ্য যে আৰক্ষীৰ এনে অভিযান সদায় একে কেইটা স্থানতে হোৱা অভিযোগ উত্থাপিত হোৱাৰ লগতে এই অভিযানৰ সুফল কিমানদিন থাকিব সেয়া সময়েহে কব বুলিও মত পোষন কৰিছে সাধাৰন ৰাইজে।
The post যোৰহাটৰ পদপথৰ ব্যৱসায়ীক প্ৰতিস্থানৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ অভিযান appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2YVSKrQ
via IFTTT
Comments
Post a Comment