নগাঁৱৰ নেহেৰুৱালিত কাইলৈ পৰা উত্তৰ-পূৱ মেগা শ্ব’ প্ৰাগ চিনে এৱাৰ্ডছ—২০১৯

সমাহাৰ ঘটিব বলীউড,দক্ষিনাত্য,অসমৰ শিল্পী-অভিনেতাৰ

ৰীমা দাসলৈ গ্ল’বেল আইকন বটা-ৰুনু দেৱীলৈ জীৱনজোৰা সাধনা বটা

ডিজিটেল সংবাদ, নগাঁওঃ উত্তৰ পূৱ ভাৰতৰ অন্যতম মেগা শ্ব’ “প্ৰাগ চিনে এৱাৰ্ডছ ২০১৯” দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলঙৰ বাকৰি ঐতিহ্যমণ্ডিত নেহৰুবালিত ১ আৰু ২ জুনত অনুষ্ঠিত হ’ব লগা এই মেগা শ্ব’ৰ প্ৰস্ততি সম্পূৰ্ণ হৈ উঠিছে। আজি নেহৰুবালিত প্ৰাগ চিনে মঞ্চত অনুষ্ঠিত এক সংবাদমেলত প্ৰাগ চেনেলৰ মূখ্য পৰিচালন সঞ্চালক সন্দীপ নাৰায়নে প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰি কয় – অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চলচিত্ৰ উদ্যোগক অধিক গতিশীল কৰা আৰু শিল্পী আৰু কলা-কুশলী সকলক উদগনি যোগাবৰ বাবে প্ৰাগ নিউজ চেনেলে ২০১৩ চনৰ পৰা অনুষ্ঠিত কৰি আহিছে প্ৰাগ চিনে এৱাৰ্ডছ। প্ৰতি বছৰে বহু কেইটা শিতানত বঁটা প্ৰদান কৰি থকা হৈছে। এইবাৰ ৩১ টা শিতানত বঁটা প্ৰদান কৰা হ’ব। এইবাৰ বেষ্ট মেক্ আপ, বেষ্ট কষ্টিউম ডিজাইনাৰ, বেষ্ট আৰ্ট ডাইৰেক্টৰ, বেষ্ট কৰিঅ’গ্ৰাফী, বেষ্ট বুক অন্ ফিল্ম, বেষ্ট স্কীন প্লে, বেষ্ট লিৰিকছ, বেষ্ট ছিংগাৰ (ফিমেল), বেষ্ট ছিংগাৰ (মেল), বেষ্ট ছাউণ্ড, ডিজাইনাৰ, বেষ্ট মিউজিক ডাইৰেক্টৰ, বেষ্ট এডিটিং, বেষ্ট চিনেমেট’গ্ৰাফী, জুৰি স্পেচিয়েল মেনচন, বেষ্ট ফ্লিম, বেষ্ট ডেব্যুট ডাইৰেক্টৰ, বেষ্ট এক্টৰ, (ফিমেল, নৰ্থ-ইষ্ট), বেষ্ট এক্টৰ (মেল নৰ্থ ইষ্ট ), বেষ্ট ডাইৰেক্টৰ (নৰ্থ ইষ্ট), বেষ্ট ফিল্ম (নষ্ট-ইষ্ট), বেষ্ট ছাপটিং এক্টৰ (ফিমেল), বেষ্ট ছাপটিং এক্টৰ (মেল), বেষ্ট এক্টৰ (ফিমেল), বেষ্ট এক্টৰ( মেল), পপুলাৰ এক্টৰ (ফিমেল) পফুলাৰ এক্টৰ (মেল) পফুলাৰ ফিল্ম, বেষ্ট ডাইৰেক্টৰ, বেষ্ট ফিল্ম, গ্লবেল আইকন ২০১৮ আৰু ২০১৯ বৰ্ষত জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব।
এইবাৰ ডালমিয়া ইয়ং ষ্টাৰ এৱাৰ্ড যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশক প্ৰদান কৰাৰ লগতে জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব বিশিষ্ট অভিনেত্ৰী ৰুণু দেৱীক। সংবাদমেলত সঞ্চালক গৰাকীয়ে জনোৱা মতে এইবাৰ গ্লবেল আইকন বঁটা প্ৰদান কৰা হব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাসক। তেওঁ লগতে কয়, এই বৰ্ষত প্ৰাগ চিনে এৱাৰ্ডছৰ বাবে ১৭, খন অসমীয়া ছবি, ১ বডো, ২ খন কাৰ্বি ছবিৰ লগতে উত্তৰ পূবৰ পৰা আন ১০ খন ছবিয়ে অংশ গ্ৰহণ কৰিছে। এইবাৰ এই দুদিনীয়া অনুষ্ঠানত বলিউডৰ লগতে দক্ষিনাত্যৰ  কেইবাজনো অভিনেতা-অভিনেত্ৰী আৰু অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, পাপন অঙ্গৰাগ মহন্ত, জয় বৰুৱা, অসীম জ্যোতি বৰুৱা, অনিন্দিতা পাল, মৌচুমী চহৰীয়া, দীক্ষু, কৃষ্ণমণি নাথ, নৱনিতা শৰ্মা বৰা, আনায়া ব্ৰক্ষ্ম আদিয়ে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰিব। অনুষ্ঠানত বিশিষ্ট অভিনেতা কৌশিক ৰহমান, অৰুন হাজৰিকা, জয়ন্ত দাস, মৃদুলা বৰুৱা, ময়লা গোস্বামী, বিদ্যা ৰাও, সিদ্ধাৰ্থ মূখাৰ্জী আদি উপস্থিত থাকিব। অনুষ্ঠানত প্ৰাগ চিনে এৱাৰ্ডৰ শীৰ্ষ গীতৰ অডিঅ চিডি উন্মোচন কৰা হয়। উল্লেখ্যযোগ্য যে, এইবাৰ “প্ৰাগ চিনে এৱাৰ্ডছ—২০১৯”ৰ থীম ৰখা হৈছে “মহাবাহু ব্ৰহ্মপুত্ৰ”। তাৰোপৰি প্ৰাগ চিনে এৱাৰ্ডছৰ সকলো কাৰ্যসূচী বিশেষভাৱে পৰিবেশ পাৰিপাৰ্শ্বিকতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সংবাদমেলত প্ৰাগ চিনে এৱাৰ্ডৰ নগাঁৱৰ অনুষ্ঠানৰ আদৰণি সমিতিৰ সভাপতি বিধায়ক ৰূপক শৰ্মাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ নগাঁৱৰ বৰঙণিৰ কথা উল্লেখ কৰি এই অনুষ্ঠান সফল কৰি তুলিবলৈ নগাঁওবাসীক আহ্বান জনায়। সংবাদমেলত  উদ্যোগতা অনুষ্ঠানৰ হৈ কৌশিক নাথ আৰু ডাঃ অক্ষিতা নাৰায়ন, বাহাৰুল ইছলাম আদিয়ে অংশ গ্ৰহণ কৰে৷

The post নগাঁৱৰ নেহেৰুৱালিত কাইলৈ পৰা উত্তৰ-পূৱ মেগা শ্ব’ প্ৰাগ চিনে এৱাৰ্ডছ—২০১৯ appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2EFD2Jx
via IFTTT

Comments