এ টি এম কাৰ্ড ব্লক হ’লে সহজতে কেনেকৈ খুলিব, জানিবলৈ পঢ়ক…

ডিজিটেল ডেস্কঃকেতিয়াবা এ টি এম কাৰ্ডৰ পাছৱৰ্ড পাহৰি গ্ৰাহকে যদি বাৰে বাৰে ভুল পাছৱৰ্ড টাইপ কৰে তেতিয়া বেংকে সেইটো কাৰ্ডতো ব্লক কৰি দিয়ে। কিয়নো বেংকে নিশ্চিত হয় যে, এ টি এম কাৰ্ডতো গৰাকীৰ বাহিৰে অন্যলোক ব্যৱহাৰ কৰি আছে। আৰু এ টি এম কাৰ্ডটো ব্লক কৰাৰ পাছত শুদ্ধ পাছৱৰ্ড টাইপ কৰিলেও গ্ৰাহকে ধন উলিয়াব নোৱাৰে।

কিন্তু ভুলবশত এ টি এমৰ গৰাকীয়ে যদি পাছৱৰ্ড পাহৰি বাৰে বাৰে ভুল পাছৱৰ্ড টাইপ কৰাৰ ফলত কাৰ্ড ব্লক হৈছে তেন্তে বিশেষ চিন্তাৰ কাৰণ নাই। অতি সহজ প্ৰক্ৰিয়াৰে এ টি এমৰ ব্লক খুলিব পাৰি। ইয়াৰ বাবে গ্ৰাহকে প্ৰথমে কাষ্টমাৰ কেয়াৰলৈ ফোন কৰিব লাগিব। ইয়াৰ পাছতে কিছু প্ৰক্ৰিয়াৰ মাজেদি গৈ বেংকে এটিএমটো পুনৰ আনব্লক কৰিব। কিছুমান বেংকে ২৪ ঘণ্টাৰ বাবে ব্লক কৰাৰ বিপৰীতে কিছু বেংকে দীৰ্ঘ সময়লৈ এ টি এম ব্লক কৰি ৰাখে।

The post এ টি এম কাৰ্ড ব্লক হ’লে সহজতে কেনেকৈ খুলিব, জানিবলৈ পঢ়ক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HKkfPg
via IFTTT

Comments