শিলচৰত বেংক গ্ৰাহকৰ ১২ লাখ টকা লুট, ৰাইজৰ দিলে উত্তম-মধ্যম…

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰত দিন দুপুৰতে বেংক গ্ৰাহকৰ পৰা ১১ লখ টকা কাঢ়ি নি পলায়ন কৰোতেই ৰাইজৰ হাতত ধৰা পৰে এটা ডকাইত ৷ ধৃত বিহাৰৰ ডকাইত ৰাজ ৰয়ক ৰাইজে উত্তম মধ্যম দি আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে ধৃত ডকাইজনৰ পৰা উদ্ধাৰ ২ লাখ টকা উদ্ধাৰ কৰাৰ লগতে ডকাইত জনৰ বাইক খনো জব্দ কৰে ৷ সম্প্ৰতি শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন ধৃত বিহাৰৰ ডকাইত জন ৷
শিলচৰ চহৰৰ তাৰাপুৰ এলেকাত বুধবাৰে দিন দুপুৰীয়া প্রথমতে সাত লাখ টকা আৰু পিছত চাৰি লাখ টকা কাঢ়ি নিয়া এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অবশ্য স্থানীয় লোকৰ তৎপৰতাত চাৰি লাখ টকাৰ ভিতৰত দুই লাখ টকা উদ্ধাৰ সহ এগৰাকী ডকাইতক উত্তম মাধ্যম দি এখন বাইক সহ আটক কৰিবলৈ সক্ষম হয়। পিছত আটক কৰা দুষ্কৃতিক তাৰাপুৰ টাউন আৰক্ষী চকীত চমজাই দিয়ে স্থানীয় জনতাই। ধৃত ডকাইতৰ নাম ৰাজ ৰয় । ঘৰ ঝাড়খণ্ডৰ ৰাচীত বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে।
আৰক্ষীয়ে জনোৱা মতে, দিনৰ একমান বজাত শিলচৰৰ তাৰাপুৰ ষ্টেট বেংকৰ পৰা ঠিকাদাৰ প্রতিষ্ঠানৰ ৰাজদেব সিঙে সাত লাখ টকা উঠাই ৰাস্তাত অহাৰ পিছতেই দুগৰাকী বাইকত অহা যুৱকে টকাৰ বেগটো থাপ মাৰি লৈ যায়। ইপিনে, শিলচৰৰ মুকেশ দাস নামৰ বেচৰকাৰী প্ৰতিষ্ঠানৰ ছুপাৰভাইজাৰ মুকেশ দাসে এক্সিছ বেংকৰ পৰা চাৰি লক্ষ টকা লৈ অহাৰ পিছত শিলচৰৰ আর্বত ভৱনৰ সম্মুখৰ পৰা বাইকত অহা দুগৰাকী যুৱকে থাপ মাৰি টকা লৈ যায়। ইফালে, টকা লৈ পলায়ন কৰা ডকাইট দুজনৰ বাইক তাৰাপুৰত দুৰ্ঘটনাৰ কৱলত পৰাৰ পিচতে ৰাইজৰ হাতত ধৰা পৰে এজন ডকাইত ৷ আনজন ডকাইতে ন লাখ টকা লৈ পলায় যাবলৈ সক্ষম হয় ৷ পিছত স্হানীয় ৰাইজে ডকাইত জনক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷
The post শিলচৰত বেংক গ্ৰাহকৰ ১২ লাখ টকা লুট, ৰাইজৰ দিলে উত্তম-মধ্যম… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2YTZM0e
via IFTTT
Comments
Post a Comment