এন আৰ চিৰ শুনানিলৈ আহি দুধনৈত এজন সন্ধানহীন…

ডিজিটেল সংবাদ, কৃষ্ণাইঃ চিৰাং জিলাৰ বিজনীৰ পৰা এন আৰ চি শুনানীৰ বাবে বৃহস্পতিবাৰে দুধনৈত আহি এজন লোক সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷জানিব পৰা মতে বিজনীৰ ভাওঁৰাগুৰীৰ চৰফত আলীয়ে নিজ ভ্ৰাতৃ চুৰহাব আলী (৬০) সহ তেৰ জনীয়া পৰিয়াল এটা বৃহস্পতিবাৰে শুনানীৰ বাবে দুধনৈ গাওঁপঞ্চায়ত কাৰ্য্যলয়ত উপস্থিতি হৈছিল ৷
শুনানী হৈ যোৱাৰ পিছতে গাওপঞ্চায়তৰ কাৰ্যলয়ৰ পৰাই চৰফত আলীৰ ভ্ৰাতৃ চুৰহাব আলী (৬০) সন্ধানহীন হৈ পৰে ৷পৰিয়ালৰ লোকে দিনৰ এক বজাৰ পৰা লোক জনৰ সন্ধানত বিচাৰ -খোচাৰ কৰে যদিও বাতৰি লিখাৰ পৰলৈ কোনো সন্ধান পোৱা নাই ৷পৰিয়ালৰ লোকে ইতিমধ্যেই ঘটনাৰ সন্দভত দুধনৈ আৰক্ষী থানাক এজাহাৰ দাখিল কৰিছে ৷লোক জনৰ সন্ধান পালে ৮৬৩৮৮০১৫১২,৮৬৩৮৫৪৪১৭১ নম্বৰত জনাবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে৷
The post এন আৰ চিৰ শুনানিলৈ আহি দুধনৈত এজন সন্ধানহীন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2XfmlvR
via IFTTT
Comments
Post a Comment