কোনে পাব মোডী মন্ত্ৰীসভাত স্থান? প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা কোন কোন নেতালৈ আহিছে ফোনকল…

ডিজিটেল ডেস্কঃমাজত মাথো কেইটামান ঘণ্টা, দ্ধিতীয় বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোডীয়ে। মোডীৰ নতুন মন্ত্ৰীসভাত কোন কোন নেতাই স্থান পাব ইয়াক লৈ জল্পনা-কল্পনা অব্যাহত থকাৰ মাজতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা কেইজনমান নেতালৈ আহিছে ফোনকল।

বৰ্তমানৰ লৈকে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ফোনকল অহা বিজেপি নেতা কেইজন হৈছে অৰ্জুনৰাম মেঘৱাল, জিতেন্দ্ৰ সিং, ৰামদাস আঠৱালে, কিশন ৰেড্ডী, ৰামবিলাস পাছোৱান, সুৰেশ অঙ্গৰী, পিয়ুষ গোৱেল, মুস্তাব আব্বাছ নকবী আৰু প্ৰহ্লাদ যোশী।

সুত্ৰৰ খবৰ অনুসৰি মিত্ৰদলৰ কেইজনমান নেতাইও লাভ কৰিব পাৰে মন্ত্ৰিত্ব। শিৱসেনা-জে ডি ইউ দলৰ ২-২ নেতাই লাভ কৰিব পাৰে মন্ত্ৰিত্ব। অকালী দল আৰু লোক জনশক্তি দলৰ ১-১ জন নেতাই মন্ত্ৰিত্ব পোৱাৰ বিপৰীতে এ আই এ ডি এম কেৰ এজন নেতাইও লাভ কৰিব পাৰে মন্ত্ৰিত্ব।

ইফালে সন্ধিয়া ৭ বজাৰ শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে বহু কেইজন বিজেপি নেতাই সাক্ষাৎ কৰিব মোডীক। বিয়লি ৪.৩০ বজাত ধমেন্দ্ৰ প্ৰধান আৰু মুস্তাৱ আব্বাছ নকবীয়ে সাক্ষাৎ নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব । ইয়াৰ উপৰিও বিয়লি গিৰিৰাজ সিং, হজমিত কৌৰ বাদল, বাবুল সুপ্ৰিয়ৰ দৰে বহু কেইজন বিজেপি নেতাই মোডীক সাক্ষাৎ কৰিব।

The post কোনে পাব মোডী মন্ত্ৰীসভাত স্থান? প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা কোন কোন নেতালৈ আহিছে ফোনকল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2KilsPL
via IFTTT

Comments