৭ জুনত কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ‘ভগৱদজ্জুকম’…

ডিজিটেল সংবাদ, পুৰণিগুদামঃ নগাঁও জিলাৰ পুৰণিগুদামৰ অন্যতম নাট্যানুষ্ঠান ৰঙ্গালয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অহা ৭ জুনত গুৱাহাটীত মঞ্চস্থ কৰিব মহাকবি বোধায়নৰ সংস্কৃত নাট “ভগৱদজ্জুকম্”৷গুৱাহাটী পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সন্ধ্যা ৬-৩০ বজাত মঞ্চস্থ হ’বলগীয়া উক্ত নাটকৰ অসমীয়া অভিযোজনা মৃণাল কুমাৰ বৰাৰ, পৰিকল্পনা আৰু পৰিচালনা অঞ্জল বৰাৰ৷ উক্ত নাটকত সমূহ নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি ৰঙ্গালয়ে আন্তৰিকতাৰে কামনা কৰিছে৷
The post ৭ জুনত কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ‘ভগৱদজ্জুকম’… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2W44FCa
via IFTTT
Comments
Post a Comment