মাদক দ্ৰব্য প্ৰচলনৰ বিৰুদ্ধে ৰাজহুৱা সভা সম্পন্ন
ঘনশ্যাম ছেত্রী, ফিল’বাৰীঃ তিনিচুকীয়া জিলাৰ আজি পেঙেৰী থানাৰ অন্তৰ্গত ২ নং মুংগং পথাৰস্থিত যুৱক সংঘৰ কাৰ্যালয়ত যুৱ ছাত্ৰ নেতা দেৱজিৎ সোণাৰৰ সভাপতিত্বত নিচাযুক্ত দ্ৰব্যৰ প্ৰচলনৰ বিৰুদ্ধে এক সজাগতা সভা অনুষ্ঠিত হৈ যায়। সভাত সাংবাদিক ৰবীন মৰাণ, যুৱ ছাত্ৰ নেতা সঞ্জীৱ উলুপ আৰু ৰুহিত গোহাঁই, আছু নেতা দিপু মৰাণ, চাহ জনজাতীয় নেতা কমল তাঁতী আৰু দেভিদ ছিলভিন, মহিলা নেত্ৰী ৰুণু সোণোৱাল, অমিয়া গগৈ,আদিয়ে বক্তব্য ৰাখে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰ ভিতৰত মুংগং পথাৰ আৰু চুবুৰীয়া অঞ্চলত অব্যাহত থকা ড্ৰাগছ, বিষাক্ত চুলাই মদ আৰু কানিৰ অবাধ প্ৰচলন শীঘ্ৰেই বন্ধ কৰিবলৈ সংশ্লিষ্ট পক্ষ সমূহৰ প্ৰতি আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত বিভাগীয় কতৃপক্ষক লিখিতভাৱে জনোৱা আৰু অঞ্চলটোৰ বিভিন্ন ছাত্ৰ, যুৱ ছাত্ৰ আৰু জাতীয় সংগঠন সমূহে উমৈহতীয়াভাৱে ড্ৰাগছ, কানি আৰু চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাই অন্যতম।
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা পেঙেৰী থানাৰ অন্তৰ্গত মুংগং পথাৰৰ লগতে সমগ্ৰ অঞ্চলটো অবৈধ ড্ৰাগছ, কানি আৰু মদৰ ৰমৰমীয়া ব্যৱসায়ৰ ঘাটীত পৰিণত হৈছে। যাৰ ফলত গাঁওখনৰ সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ সমান্তৰালকৈ যুৱ প্ৰজন্মৰ প্ৰতি চৰম ভাবুকি নামি আহিছে। মানৱ জীৱন ধ্বংসকাৰী বৰবিহ সদৃশ মাদক দ্ৰব্যৰ কৰাল গ্ৰাসত পৰি নৱপ্ৰজন্ম ধবংসৰ মুখলৈ গতি কৰিছে । এই মাৰাত্মক ব্যাধিৰ পৰা কেনেকৈ নৱপ্ৰজন্মক উদ্ধাৰ কৰিব পাৰি তাৰ সমাধান সূত্ৰ তৈয়াৰ কৰিবৰ কাৰণেই আজি স্থানীয় ৰাইজে সজাগতা সভা আয়োজন কৰিছিল। স্মৰ্তব্য যে তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত ২নং মুংগং পথাৰ গাঁওস্থিত মুংগং-নিংগাম চৰকাৰী নাওঁ ঘাটটো সম্প্ৰতি দেশী-বিদেশী মদ, অৰুণাচলী সুৰা আৰু তাচ পাতৰ ৰমৰমীয়া আড্ডা থলীত পৰিণত হোৱাৰ অভিযোগ উত্থাপন কৰিছে উক্ত ঘাটেৰে অহা-যোৱা কৰা একাংশ নাওযাত্ৰীয়ে।প্ৰাপ্ত অভিযোগ মতে উক্ত নাও ঘাটৰ নিচেই কাষতে থকা মহেন্দ্ৰ ভূজেল ওৰফে মহিন্দ্ৰে নামৰ সুৰা মাফিয়াজনে নিজ গৃহতেই দিনে নিশাই অবৈধ দেশী-বিদেশী মদ, অৰুণাচলী সুৰাৰ ব্যৱসায় অব্যাহত ৰখাৰ সমান্তৰালভাৱে তাচ খেলৰ আড্ডা চলাই আহিছে। যাৰ ফলত চৰকাৰী নাও ঘাটত যিকোনো মূহুৰ্ততে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা ব্যক্ত কৰিছে নৈকা যাত্ৰীয়ে।
প্ৰণিধানযোগ্য যে সুৰা মাফিয়া মহেন্দ্ৰ ওৰফে মহিন্দ্ৰে ভূজেলৰ বাসগৃহৰ চোতালতে লাগি থকা পথটোৱেদিয়েই নাওঁ যাত্ৰীসকলে মুংগং-নিংগাম চৰকাৰী নাওঁ ঘাট হৈ জাগুন, লেখাপানী, লিডু, পেঙেৰী, বৰডুমচা, ফিলবাৰী আদিলৈ অহা-যোৱা কৰে। একাংশ যাত্ৰীয়ে অভিযোগ কৰামতে নাওঁ ঘাটৰ সমীপত এনদৰে মুকলি ভাৱে সুৰা আৰু জুৱাৰ আড্ডাৰ মাজেৰে অহা -যোৱা কৰিবলৈ তেওঁলোকে অসুৰক্ষিত অনুভৱ কৰে। উক্ত সুৰা আৰু জুৱাৰ আড্ডা পুলিয়ে পোখাই উৎখাৎ কৰিবলৈ আবকাৰী বিভাগক ৰাইজে দাবী জনাইছে। আজি মাদক দ্রব্যৰ বিৰুদ্ধে অঞ্চলটোত অভিযান চলাই চুলাই মদ নষ্ট কৰে আৰক্ষী আৰু আবকাৰীৰ যুটীয়া অভিযানকাৰী দলে। সুৰা মাফিয়া মহেন্দ্ৰ ভূজেলৰ ঘৰতো আজি আবকাৰীয়ে অভিযান চলাই মাদকদ্ৰব্য উৎখাৎ কৰে যদিও ভূজেল পলাবলৈ সক্ষম হয়। উল্লেখ্য যে চলিত ৰিতুৰ বাবে মহেন্দ্ৰ ভূজেলেই উক্ত চৰকাৰী নাওঘাটৰ নিবিদা লাভ কৰি লেছী হৈ পৰিছে।
The post মাদক দ্ৰব্য প্ৰচলনৰ বিৰুদ্ধে ৰাজহুৱা সভা সম্পন্ন appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/30V7yJ1
via IFTTT
Comments
Post a Comment