কোকৰাঝাৰত নদীৰ পৰা উদ্ধাৰ যুৱতীৰ মৃতদেহ , মৃতদেহত এচিড ঢলা আৰু আঘাতৰ চিন…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ দুই নম্বৰ গৰুমৰা চৰৰ সোণকোষ- হাৰাফুটা নদীত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।সোণকোষ- হাৰাফুটা নদীত যুৱতীৰ মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি স্হানীয় ৰাইজে প্ৰথমে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ।
পিছত গ্ৰাহামপুৰ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্হিতিত নদীৰ পৰা মৃতদেহটো নাও আৰু ৰছীৰ সহায়ত উদ্ধাৰ কৰে।আনুমানিক ২০ বছৰীয়া যুৱতী গৰাকীক কোনো লোকে অজ্ঞাত স্থানত বলাৎকাৰ কৰি প্ৰমাণ নষ্ট কৰাৰ বাবে হত্যা কৰি নদীত পেলাই দিয়া বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে ।
তদুপৰি যুৱতী গৰাকীৰ মুখমণ্ডলত এচিড ঢলাৰ স্পষ্ট চিন থকাৰ লগতে আঘাতৰ চিন থকাই চাই এয়া এক শীতল মস্তিষ্কৰে কৰা হত্যাকাণ্ড বুলিও একাংশ ৰাইজে মন্তব্য কৰিছে । ৰঙা চুৰিদাৰ পৰিহিত মৃত যুৱতীগৰাকীৰ পৰিচয় অদ্যপি উদ্ধাৰ হোৱা নাই যদিও আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিবলৈ প্ৰচেষ্ঠা অব্যাহত ৰাখিছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
The post কোকৰাঝাৰত নদীৰ পৰা উদ্ধাৰ যুৱতীৰ মৃতদেহ , মৃতদেহত এচিড ঢলা আৰু আঘাতৰ চিন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2YYU4dE
via IFTTT
Comments
Post a Comment