কাজিৰঙাত অস্ত্ৰসহ ৩ দুৰ্ধষ চোৰাং চিকাৰী আটক

গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ বিস্ফোৰক স্বীকাৰোক্তি

গণ বাৰ্তা, বোকাখাত, ৩০ মে’ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধনৰ সৈতে জড়িত থকা তিনি দুৰ্ধৰ্ষ চোৰাং চিকাৰীক বন্দুক আৰু গুলীৰ সৈতে বুধবাৰে নিশা বন বিভাগৰ লোকে আৰক্ষী আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাৰ সহযোগত কৰায়ত্ত কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে যোৱা ১৫ ডিচেম্বৰত বাগৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ নিচেই কাষতে ভলুকাজান বন শিবিৰৰ পৰ্যটন পথৰ সমীপত চোৰাং চিকাৰীয়ে এটা প্ৰকাণ্ড গঁড় হত্যা কৰি খড়গ কাটি নিবলৈ সক্ষম হৈছিল । উক্ত গঁড় হত্যাৰ ঘটনাই কাজিৰঙাৰ লগতে সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ।

বনাঞ্চলিক কাৰ্যালয়ৰ সমীপতে হোৱাৰ উপৰি বনৰক্ষীৰে গিজগিজাই থকা সত্ত্বেও কেনেদৰে ভলুকাজান বন শিবিৰত গঁড় হত্যা কৰিবলৈ চোৰাং চিকাৰী সক্ষম হৈছিল ইয়াকে লৈ বহু প্ৰশ্ন উত্থাপন কৰিছিল কাজিৰঙাবাসী তথা বিভিন্ন দল-সংগঠনে । ইয়াৰ পৰৱৰ্তী সময়ত আৰক্ষী আৰু বন বিভাগে যুটীয়া অভিযান চলাই আখতাৰ আলী নামৰ এটা দুৰ্ধৰ্ষ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছিল যদিও অতি নাটকীয়ভাৱে বাগৰি বনাঞ্চলিক কাৰ্যালয়ৰ লকআপৰ পৰাই যোৱা ১৩ মে’ত আখতাৰ আলী নামৰ এই দুৰ্ধৰ্ষ চোৰাং চিকাৰীটোৱে পলায়ন কৰিছিল ।

কুখ্যাত এটা চোৰাং চিকাৰী লকআপৰ পৰা পলায়নৰ এই অভাৱনীয় ঘটনাই সাংঘাতিকভাৱে এক ৰহস্যৰ সৃষ্টি কৰাৰ উপৰি সমগ্ৰ কাজিৰঙাতেই ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছিল। সাম্প্ৰতিক সময়ত নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন নকৰাৰ বহু অভিযোগত বহুবাৰ স্থানীয় লোকৰ ৰোষত পৰাৰ সমান্তৰালভাৱে দুৰ্নীতিগ্ৰস্ত বিষয়া হিচাপে ক্ৰমাৎ চিহ্নিত হৈ পৰা বাগৰি বনাঞ্চলিক বিষয়া পংকজ বৰাই গোপন লেনদেনৰ মাধ্যমেৰে আখতাৰ আলী নামৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰীটোক গোপনে লকআপৰ পৰা পলুৱাই পঠোৱা বুলি অভিযোগ কৰি স্থানীয় ৰাইজে আহি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়টো ঘেৰাও কৰিছিল ।

কিন্তু পলায়ন কৰা আখতাৰ আলী নামৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰীটোৰ বৰ্তমানলৈকে কোনো ধৰণৰেই সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই নাকত তেল দি শুই থকা বিয়াগোম বন বিভাগে। ইপিনে বুধবাৰে নিশা বন বিভাগৰ লোকে আৰক্ষী আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাৰ সহযোগত গোপন সূত্ৰৰ পম খেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধনৰ সৈতে জড়িত থকা চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলায় ।

তিনি দুৰ্ধৰ্ষ চোৰাং চিকাৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকাৰ সম্ভেদ পাই ৰাষ্ট্ৰীয় উদ্যাখনৰ সহকাৰী বন সংৰক্ষক ৰিতুপৱন বৰা আৰু কে কে দেউৰীৰ নেতৃত্বত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাৰ বিষয়া কে কে শৰ্মা আৰু আৰক্ষীৰ সহযোগত কালি এটা বন্দুক আৰু চাৰিজাঁই সজীৱ গুলীৰ সৈতে জাগীৰোডত জখলাবন্ধা চিকনী বৰহুলা নিৱাসী চাহিদুল ইছলাম, জিয়াৰুল হক আৰু কামপুৰৰ পূব কাৱৈমাৰী নিৱাসী আনোৱাৰ হুছেইনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । সম্প্ৰতি বাগৰি বনাঞ্চলিক কাৰ্যালয়ৰ লকআপত মাৰাথন জেৰা চলাই থকা হৈছে ধৃত চোৰাং চিকাৰী তিনিটাক। ইপিনে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত ধৃত চোৰাং চিকাৰী তিনিটাই বিস্ফোৰক স্বীকাৰোক্তি দাঙি ধৰে ।

ধৃত চোৰাং চিকাৰী আনোৱাৰ হুছেইনে জনোৱা অনুসৰি যোৱা ১৫ ডিচেম্বৰত লগত অহা এটা নগা চোৰাং চিকাৰীৰ গুলীত প্ৰাণ হেৰুৱাইছিল এটা অসম গৌৰৱে । ইয়াৰ পাছতে খড়গটো কাটি নিছিল আখতাৰ আলী নামৰ পলায়ন কৰা চোৰাং চিকাৰীটোৱে । তিনিটা চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি খড়গটো বিক্ৰী কৰাৰ বাবদ ডেৰ লাখ টকাকৈ লাভ কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত বিস্ফোৰক স্বীকাৰোক্তি দাঙি ধৰে। এই বৃহৎ পৰিমাণৰ ধন কেৱল হাঁহি-ফূৰ্তিৰে খাই-বৈয়েই উৰুৱাই দিছিল বুলি চোৰাং চিকাৰী তিনিওটাই সংবাদ মাধ্যমৰ আগত স্বীকাৰোক্তি দাঙি ধৰে ।

সম্প্ৰতি বাগৰি বনাঞ্চলিক কাৰ্যালয়ৰ লকআপত ৰখা চিকাৰী তিনিটাক মাৰাথন জেৰা চলাই থকা হৈছে । পৰৱৰ্তী সময়ত মাৰাথন জেৰাত ধৃত এই চোৰাং চিকাৰী তিনিটাৰ পৰা গঁড় হত্যাৰ ক্ষেত্ৰখনত কোন কোন কেনেদৰে জড়িত হৈ আছে এই তথ্য অধিকভাৱে উদ্ঘাটন হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে এই ক্ষেত্ৰত জোঁৰ পুৰি হাত পোৱালৈ অপেক্ষা কৰি ৰোৱা বিয়াগোম বন বিভাগটোৱে কাৰ্যক্ষেত্ৰত কিমানখিনি দক্ষতা দেখুৱাব পাৰে সেয়াহে লক্ষণীয় হ’ব।

The post কাজিৰঙাত অস্ত্ৰসহ ৩ দুৰ্ধষ চোৰাং চিকাৰী আটক appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2WCnqRe
via IFTTT

Comments