মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছত কাৰ্যালয়ত উপস্থিত জয়ন্ত মল্ল বৰুৱা…

ডিজিটেল ডেস্ক: মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে কাৰ্যালয়ত উপস্থিত হৈ দায়িত্বভাৰ গ্ৰহণ কৰে জয়ন্ত মল্ল বৰুৱাই। জনতা ভৱনত থকা কাৰ্যালয়ত উপস্থিত হৈয়েই মন্ত্ৰীগৰাকীয়ে ইষ্টদেৱতাক সেৱা জনাই প্ৰতিটো ক্ষণতে ৰাজ্যবাসীৰ উন্নয়নৰ হৈ কাম কৰাৰ সংকল্প গ্ৰহণ কৰে।

কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে মন্ত্ৰীগৰাকীক বিভাগীয় বিষয়াসকলে ফুলাম গামোচাৰে আদৰণি জনাই নতুন দায়িত্বৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণৰ অংশ হিচাপে বুধবাৰে মন্ত্ৰীসভাত স্থান লাভ কৰিছিল নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই।

ইয়াৰ পিছতে বৃহস্পতিবাৰে শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক বিশেষ অনুষ্ঠানত মন্ত্ৰীসভাত স্থান লাভ কৰা নন্দিতা গাৰ্লোছাৰ সৈতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নলবাৰী সমষ্টিৰ বিধায়কগৰাকীয়ে। বিগত সময়ছোৱাত বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে সুচাৰুৰূপে দায়িত্ব পালন কৰি অহা জয়ন্ত মল্ল বৰুৱাক প্ৰদান কৰা হৈছিল জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ দৰে ৩টাকৈ অতি গুৰুত্বপূৰ্ণ দপ্তৰ।

আজি কাৰ্যালয়ত ভৰি থৈয়েই এই আটাইকেইটা বিভাগকে নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে বিভাগীয় বিষয়াসকলৰ সৈতেও মিলিত হয় মন্ত্ৰীগৰাকী। নেদেখাজনৰ কৃপা, ভাৰতমাতৃৰ আশীৰ্বাদ আৰু নলবাৰীবাসীৰ লগতে অসমবাসীৰ মৰমেৰে অতি শীঘ্ৰেই তেওঁ মুখ্যমন্ত্ৰীৰ সপোনৰ অসম গঢ়িবলৈ সমৰ্থ হ’ব বুলিও আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সৰ্বাংগীণ উন্নয়নৰ বাবে সৰ্বোচ্চ উজাৰি দিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে আজিৰ এই দিনটোৰ বাবে সমূহ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পথ অনুকৰণ কৰি মাতৃভূমিৰ সেৱা কৰি যাবলৈ অহৰ্নিশে প্ৰয়াস অব্যাহত ৰাখিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ubthflw
via IFTTT

Comments