কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ কাৰ? আজি ভোটগণনা…

ডিজিটেল ডেস্কঃ ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ভোটগণনা কিছু সময়ৰ আগৰে পৰা আৰম্ভ হৈছে। উল্লেখ্য যে, এইবেলি নিৰ্বাচনত প্ৰায় ৭৬.১১ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিছিল।

দুই-এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছিল। পশ্চিম কাৰ্বি আংলঙৰ ১ নম্বৰ দুৱাৰ আমলা সমষ্টিৰ ১৬ নম্বৰ পুঞ্জা এম ই স্কুলৰ ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণ সম্পন্ন হৈছিল।

উল্লেখযোগ্য যে, পৰিষদৰ ২৬ খন আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত ১৫৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/xX2WS6O
via IFTTT

Comments