জীয়াঢল নলামুখত পথাৰত হালবাই থকাৰ অৱস্থাতে বজ্ৰপাতত এজনৰ মৃত্যু…

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত জীয়াঢল নলামুখত বুধবাৰে পুৱা ৬.৩০ বজাত হালবাই থকা অৱস্থাতে বজ্ৰপাত পৰি দেবেশ্বৰ পেগু(৪৬) নামৰ লোকজনৰ মৃত্যু হয় ৷ এই মৃত্যু ঘটনাই সমগ্ৰ জীয়াঢলৰ অঞ্চলতেই শোকৰ ছাঁ পৰিছে ৷

অতি সহজ ,সৰল দেবেশ্বৰে অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান , প্ৰতিষ্ঠানৰ সৈতে জড়িত থকা লগতে জীয়াঢল আঞ্চলিকৰ এম. এম . কেৰ প্ৰাক্তন সভাপতিও আছিল ৷ মৃত্যু সময়ত তেওঁ পত্নীৰ সৈতে দুটি পুত্ৰ সন্তান আৰু এগৰাকী কন্যা এৰি গৈছে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/TSsR6h4
via IFTTT

Comments