পাৰিবাৰিক কন্দলৰ পৰা পত্নীক প্ৰাণে মৰাৰ চেষ্টা…

ডিজিটেল ডেস্ক: গোলাঘাটৰ দোলাষৰীয়াত চাঞ্চল্যকৰ ঘটনা। পত্নীক কটাৰীৰে হত্যাৰ চেষ্টা স্বামীৰ। পাৰিবাৰিক সংঘাতৰ বাবে হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে স্বামী দিলীপ শইকীয়াৰ বিৰুদ্ধে।

আক্রমণৰ ফলত গুৰুতৰভাৱে আহত মহিলা। ঘটনা সংঘটিত কৰি পলায়ন স্বামী দিলীপ শইকীয়া। অন্যহাতে বৰ্তমান গোলাঘাট চিকিৎসালয়ত চিকিৎসাধীন ভুক্তভোগী।

ঘটনা সন্দৰ্ভত ইতিমধ্য়ে এজাহাৰ দাখিল কৰা হৈছে লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।


আৰু পঢ়ক: বনৰীয়া হাতীৰ আক্ৰমণত আহত কিশোৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/VDqk8Nz
via IFTTT

Comments