৩০ জুনৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা : আধাৰ কাৰ্ড অবিহনে অসম্ভৱ হ’ব আপোনাৰ যাত্ৰা…

ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে ভাল খবৰ। পুনৰ মুকলি হোৱাৰ পথত অমৰনাথ যাত্ৰা। অহা ৩০ জুনৰ পৰা ১১ আগষ্টলৈ অমৰনাথ যাত্ৰা মুকলি কৰা হৈছে। কোভিড মহামাৰীৰ বাবে তীৰ্থ যাত্ৰীসকলে ২০২০ ৰ পৰা অমৰনাথ যাত্ৰা কৰিব পৰা নাছিল। ইয়াৰ পূৰ্বে ২০১৯ত জন্মু কাশ্মীৰৰ সামাজিক ৰাজনৈতিক পৰিস্থিতিৰ বাবে অমৰনাথ যাত্ৰা বাতিল কৰা হৈছিল। সেয়ে সুদীৰ্ঘ ৩ টা বছৰৰ মূৰত পুনৰ অমৰনাথ যাত্ৰা মুকলি কৰাৰ বাবে এতিয়া হিন্দু ধৰ্মাৱলম্বী তীৰ্থ যাত্ৰী সকলৰ মাজত আনন্দৰ সৃষ্টি হৈছে।

মন কৰিবলগীয়া যে এইবাৰ প্ৰথম বাৰৰ বাবে অমৰনাথ যাত্ৰা কৰী তীৰ্থ যাত্ৰীসকলৰ বাবে আধাৰ কাৰ্ড প্ৰমাণীকৰণ বাধ্যতামূলক কৰা হৈছে। জন্মু-কাশ্মীৰ প্ৰশাসনে এই বিষয়ত এক জাননী জাৰি কৰিছে। জন্মু কাশ্মীৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা জাননীত কোৱা হৈছে যে- জন্মু কাশ্মীৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া অনুমোদন অনুসৰি অমৰনাথ তীৰ্থৰ বাবে যোৱা যাত্ৰীসকলে স্বেচ্ছামূলক ভাৱে আধাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগিব।

ক্লিক কৰি পঢ়কঃ ১০ ঘণ্টা পৰ্যাপ্ত নহ’ল ! আজি পুনৰ ইডিৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ৰাহুল গান্ধী…





from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/GZF8U4W
via IFTTT

Comments