মোৰাঝাৰত দুই কুখ্যাত ডকাইতক আটক…

ডিজিটেল সংবাদ মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত পূৱ যমুনা গাঁৱৰ পৰা যোৱা নিশা ডিমাপুৰ আৰক্ষী আৰু মোৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয়কৃষ্ণ দাসৰ নেতৃত্বত অভিযান চলাই কুখ্যাত ডকাইত দুটা আটক কৰিছে মোৰাঝাৰ আৰক্ষীয়ে৷

আৰক্ষীয়ে শনিবাৰে নিশা মোৰাঝাৰ থানাৰ অন্তৰ্গত যমুনা গাঁৱত অভিযান চলাই চিতল মাৰিৰ আব্দুল লতিফ আৰু পূৱ যমুনা গাঁৱৰ চালে আহমেদ নামৰ কুখ্যাত ডকাইতক আটক কৰে। ধৃত ডকাইত দুটাই ১০জুনৰ নিশা ডিমাপুৰৰ পৰা ডবকালৈ ভাড়া হিচাপে লৈ আহিছিল এখন চাৰিচকীয়া ব্ৰেজা গাড়ী।

ডবকা পোৱাৰ আগতেই ডিফু ৰোডত গাড়ীৰ নিচা খোৱাই চালকক হত্যা কৰি গাড়ীখনলৈ পলাই যায়। ধৃত ডকাইত দুটাৰ অনুসন্ধানত মোৰাঝাৰত আহি উপস্থিত হয় ডিমাপুৰ আৰক্ষী।যোৱা নিশা মোৰাঝাৰ আৰক্ষী আৰু ডিমাপুৰ আৰক্ষীৰ যুটীয়া অভিযানত মোৰাঝাৰৰ পূৱ যমুনা গাঁৱৰ পৰা কুখ্যাত ডকাইত দুটাক গ্ৰেপ্তাৰ কৰি ডিমাপুৰলৈ লৈ যায়।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/y6dBues
via IFTTT

Comments