কলা শাখাত নৱম স্থান দখলেৰে ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুললৈ গৌৰৱ কঢ়িয়ালে ৰাস্না গগৈয়ে…

ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিক কলা শাখাৰ চূড়ান্ত পৰীক্ষাত উজ্বলিল গোলাঘাটৰ ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। গোলাঘাটৰ পৰা একমাত্ৰ এই বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীয়ে স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে।
ৰাস্না গগৈয়ে ৫০০নম্বৰৰ ভিতৰত ৪৭৪নম্বৰ লাভ কৰি নৱম স্থান লাভ কৰিছে কলা শাখাত। গোলাঘাট মিছন পট্টিৰ বিপিন ফুকন নগৰৰ নিৱাসী ৰাজুমণি গগৈ আৰু পৰী শইকীয়াৰ কন্যা ৰাস্নাৰ এই সফলতাত শিক্ষানুষ্ঠানখনৰ লগতে সমগ্ৰ জিলাখনতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/OyNaHBk
via IFTTT
Comments
Post a Comment