আজি যোগ দিৱসঃ আপুনি জানেনে ২১জুন দিনটো কিয় যোগ দিৱসৰ বাবে নিৰ্বাচিত কৰা হৈছিল…

ডিজিটেল ডেস্কঃ ২১জুন, আজি আন্তৰ্জাতিক যোগ দিৱস। প্ৰতি বছৰে ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। আজি অষ্টম আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে। বিশ্ব যোগ দিৱসৰ লক্ষ্য হৈছে মানুহক যোগৰ বিষয়ে সজাগ কৰা।

যোৱা কেইবছৰমানত যোগৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে। বৰ্তমান আংশিক ভাৱে চলি থকা জীৱনত, নিজকে স্বাস্থ্যৱান আৰু চাপমুক্ত ৰাখিবলৈ যোগাসন কৰা হয়। যোগাভ্যাস কৰিলে আপোনাক বিভিন্ন ধৰণৰ ৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে। স্বাস্থ্যকৰ জীৱন যাপন কৰিবলৈ ভাল খাদ্যৰ সৈতে যোগ অতি গুৰুত্বপূৰ্ণ। 

প্ৰথম আন্তৰ্জাতিক যোগ দিৱস ২১ জুন, ২০১৫ চনত পালন কৰা হৈছিল। সমগ্ৰ বিশ্বৰ লোকসকলক এই বিষয়ে সজাগ কৰাৰ বাবে ৰাষ্ট্ৰসংঘত ভাৰতৰ উদ্যোগত এই দিৱস উদযাপন কৰা হয়। দৰাচলতে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৭ ছেপ্টেম্বৰ, ২০১৪ চনত যোগ দিৱসৰ পদক্ষেপ গ্ৰহণ কৰিছিল। যাৰ পিছত ১৭৭ খন দেশে ২১ জুন,২০১৪ চনত ৰাষ্ট্ৰসংঘত আন্তৰ্জাতিক যোগ দিৱস উদযাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছিল।

প্ৰতি বছৰে ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। এই দিনটো গোটেই বছৰটোৰ আটাইতকৈ দীঘল দিন। সূৰ্যৰ পোহৰ এই দিনটোত সৰ্বাধিক। এনে পৰিস্থিতিত, যোগৰ নিৰন্তৰ অভ্যাসে এজন ব্যক্তিক দীঘলীয়া জীৱন প্ৰদান কৰে। 

ইফালে, কৰ্ণাটক ভ্ৰমণৰ অন্তিম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাইচুৰৰ পেলেচ গ্ৰাউণ্ডত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত প্ৰায় ১৫,০০০ লোকে প্ৰধানমন্ত্ৰীৰ সৈতে যোগাভ্যাস কৰিছিল। যোগ শুভাৰম্ভ কৰাৰ পূৰ্বে অনুষ্ঠানটোত উপস্থিত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশ আৰু বিশ্ববাসীক শুভেচ্ছা জ্ঞাপন কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/MiGkHOU
via IFTTT

Comments