কেন্সাৰ বুলি ক’লে সকলোৱে ভয় খাই বাবে লুকুৱাই ৰাখিছিলোঃ মহিমা চৌধুৰী আক্ৰান্ত ব্ৰেষ্ট কেন্সাৰত…

ডিজিটেল ডেস্কঃ এটা বেয়া খবৰ। বলিউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী আক্ৰান্ত হৈছে ব্ৰেষ্ট কেন্সাৰত। এই কথা ছচিয়েল মিডিয়াৰ এটা ভিডিঅযোগে নিজেই অনুৰাগীক জনালে অভিনেত্ৰীগৰাকীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, বহুদিনৰে পৰা মহিমা চৌধুৰী এই ৰোগত আক্ৰান্ত আছিল যদিও পৰিয়াল তথা অনুৰাগীৰ পৰা লুকুৱাই ৰাখি অকলেই যুঁজ দিছিল এই দুৰাৰোগ্য কেন্সাৰৰ বিৰুদ্ধে।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে জাৰি কৰা ভিডিঅটোত কান্দি কান্দি এই কথা সকলোকে জনালে অভিনেত্ৰীগৰাকীয়ে। ভিডিঅটোত মহিমাই অন্য কথাৰ লগতে এটা কথা উল্লেখ কৰে যে, কেন্সাৰ বুলি কলে সকলোৱে ভয় খায়, সেয়েহে এই কথাটো মই সকলোৰে পৰা লুকুৱাই ৰাখিছিলো।

৪৮বছৰীয়া অভিনেত্ৰীগৰাকীৰ স্বাস্থ্য বৰ্তমান কিছু উন্নত হৈছে। ভিডিঅটোত কেম’থেৰাপিৰ বাবে মহিমাৰ চুলি সৰাও পৰিলক্ষিত হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/v9IJ5G8
via IFTTT

Comments