অচিনাক্ত বৃদ্ধক পদপথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা মানবদৰদী লোকৰ…

ডিজিটেল সংবাদ কলিয়াবৰঃ মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে কলিয়াবৰৰ জখলাবন্ধাৰ এদল মানবদৰদী লোকে। বিগত বহু দিন ধৰি পথৰ দাঁতিত অসহায় অৱস্থাত পৰি থকা এজন বৃদ্ধক পদপথৰ পৰা উদ্ধাৰ কৰি বুধবাৰে চিকিৎসাৰ ব্যৱস্থা কৰা কথাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হ’ল কলিয়াবৰত।

জানিব পৰা মতে পৰিয়ালৰ কোনো কিছু নথকা প্ৰায় ৬০ ৰ উদ্ধৰ বৃদ্ধ জনৰ নাম মদন ছেত্ৰী। ঠিকনা বিহীন এইজন মদন ছেত্ৰী বহু দিন ধৰি পৰি ৰৈছিল জখলাবন্ধাৰ গৰুবন্ধা- চিকনি পদপথৰ কাষত। কিন্তু কেইজনমান মানৱ দৰদী যুৱকে মদন ছেত্ৰীক উদ্ধাৰ কৰি কিছু আশ্ৰয় দিয়াৰো পৰিকল্পনা কৰিলে লোক কেইজনে।

আনহাতে মানবদৰদী যুৱক ক্ৰমে প্ৰাঞ্জল ফুকন,পিন্টু ফুকন,জীৱন ঘোষ,ইমতিয়াজ আলি,উজ্জ্বল চৰকাৰে বৃদ্ধ মদন ছেত্ৰীৰ বিষয়ে জখলাবন্ধা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিকু বৰ্মনক অৱগত কৰাত বৃদ্ধ গৰাকীক বৃদ্ধা আশ্ৰমত থোৱাৰ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰক্ষী বিষয়া গৰাকীয়ে।

ইফালে প্ৰাঞ্জল ফুকনে উক্ত যুৱক কেইজনৰ লগতে নৰ্থ ইষ্ট নাওৰ কলিয়াবৰৰ সংবাদকৰ্মী ৰিদিপ শৰ্মাসহ আজি জখলাবন্ধা আৰক্ষীৰ সহযোগত বৃদ্ধা গৰাকীক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱাই চিকিৎসাৰ ব্যৱস্থা কৰে। বৃদ্ধ গৰাকী কিছু সুস্থ অৱস্থা ঘূৰি আহিলে বৃদ্ধা আশ্ৰমত ৰখাৰো সিদ্ধান্ত ল’লে যুৱকৰ দলটোৱে। যুৱক কেইজনৰ মহানুভৱতাক এতিয়া সকলোৱে শলাগ লৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/aJngk1t
via IFTTT

Comments