দৰং জিলাৰ বানপানীৰ বুজ লয় আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই…

ডিজিটেল সংবাদ,‌ মঙলদৈঃ দৰং জিলাৰ ৰঙামাটি , ঠেকেৰাবীৰ ,ভালুকখোৱাপাৰা আদি অঞ্চলত এচ ডি আৰ এফ ৰ নাও ৰ জৰিয়তে বৃহস্পতি বাৰে আবেলি বানবিধস্ত অঞ্চল পৰিভ্ৰমণ কৰি ক্ষয়-ক্ষতি ৰ বুজ লয় সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

বৰুৱাই ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা বানপানীত বিধ্বস্ত এলেকাৰ লোক সকলে আশ্ৰয় লয় থকা বান শিবিৰত উপস্থিত হৈ খা খবৰ লোৱা ৰ লগতে কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে। লগতে ছিপাঝাৰ ৰ দুমুনীচকী ,খান্দাজান আদি অঞ্চলৰ বানপীৰিত লোকৰ খা-খবৰ লোৱা ৰ লগতে বানপানী শিবিৰত উপস্থিত হয় ।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকাৰ লগতে দৰং আছু ৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকি বানপানীত ভোগী থকা লোক সকলৰ খবৰ লয় আৰু খোৱা খাদ্য সামগ্ৰী বিতৰণ কৰে ।

লগতে চৰকাৰক বান বিধ্বস্ত লোক সকলক উপযুক্ত ভাৱে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বৃহত্তৰ অঞ্চলটিৰ জমা হৈ থকা পানী খিনি ওলাই যোৱাৰ ব্যৱস্থা তৎকালীনভাৱে কৰিবলৈও চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ।

উল্লেখযোগ্য যে আজি প্ৰায় তিনি চাৰিদিন ধৰি শাকতোলাৰ বাঢ়নি পানীয়ে বৃহত্তৰ ৰঙামাটি, থেকেৰাবাৰী,দাৰিয়া পাৰা,ঢমখুণ্ডা আদি অঞ্চল প্লাবিত কৰি ৰাখিছে।বাঢ়নী পানীয়ে অঞ্চলটিৰ ঘৰ বাৰি বুৰাই পেলাইছে।পানীয়ে বহু লোকৰ ঘৰৰ মুধচ চুইছেগৈ।এই বাঢ়নী পানী ওলাই যাবলৈ বৰ্তমানৰ লৈকে কোনো সঠিক ব্যৱস্থা হোৱা নাই ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/63JwMtR
via IFTTT

Comments