ঢকুৱাখনাত অবৈধ চুলাই ঘাটিত উচ্ছেদ অভিযান

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ বিভিন্ন গ্ৰামাঞ্চলত সামাজিক পৰিবেশ বিঘ্নিত কৰি অবৈধ চুলাই মদৰ অবৈধ বেহা চলিছে । স্বাভাৱিক পৰিবেশ কলুষিত কৰি মহকুমাটোৰ বিভিন্ন গ্ৰামাঞ্চলত কাঠফুলাৰ দৰে গজি উঠা এনেবোৰ অবৈধ চুলাই মদৰ ঘাটিৰ বিৰুদ্ধে ধাৰাবাহিক চুলাই বিৰোধী অভিযান চলাই থকা আবকাৰী বিভাগে মঙলবাৰে পুনৰ এই অভিযান চলায়।
ঢকুৱাখনা আবকাৰী চক্ৰৰ চক্ৰ পৰিদর্শক ভূপেন শইকীয়া আৰু সহকাৰী পৰিদর্শক জনাৰ্দন গোস্বামীৰ নেতৃত্বত ঢকুৱাখনা সদৰ থানাৰ আৰক্ষী বিষয়া ছাতিৰাম গয়াৰীৰ সহযোগত এটা অভিযানকাৰী দলে মঙ্গলবাৰে ২নং মহকুমাটোৰ থেকেৰাগুৰি , বৰতল তিনিআলি, সাপতিয়া চেতিয়া , চেতিয়া গাঁও আদি বিভিন্ন অঞ্চলত চুলাই মদৰ ভাতী উচ্ছেদ অভিযান চলায় ।
অভিযান কালত আবকাৰী বিষয়াৰ দলটোৱে হাবিৰ মাজত , পৰিত্যক্ত ঘৰৰ ভিতৰত , বাঁহনীৰ মাজত অৱস্থিত বহু সংখ্যক চুলাই ভাতী উদ্ধাৰ কদি সেইবোৰ উচ্ছেদ কৰে ।
দলটোৱে সন্ধিয়া পৰ্যন্ত অভিযান চলাই প্ৰায় ৩০ লিটাৰ চুলাই মদ , ৪০০ লিটাৰ চুলাই বনোৱা পাজ থলীতে বিনষ্ট কৰে আৰু বহু সংখ্যক চুলাই প্ৰস্তুত কৰা সঁজুলি ভাঙি বিনষ্ট কৰে । উল্লেখযোগ্য যে সীমাহীন অভাৱ সমস্যাৰে ভাৰাক্ৰান্ত আবকাৰী বিভাগে ধাৰাবাহিক ভাবে অব্যাহত ৰখা এনে অভিযানত ঢকুৱাখনা আৰু ঘিলামৰা আৰক্ষী বিভাগেও সহযোগিতা আগবঢ়াইছে।
আৰু পঢ়ক: বিনামূলীয়াকৈ কৃষকক ২ কোটি উন্নত জাতৰ ৰৱৰ পুলি বিতৰণ…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/axloN9d
via IFTTT
Comments
Post a Comment