পৃথক কমতাপুৰ আৰু জনজাতিকৰনৰ দাবীত আক্ৰাছুৰ অৱস্হান ধৰ্মঘট পালন…

ডিজিটেল সংবাদ ধেমাজিঃ পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত বুধবাৰে ধেমাজিত সদৌ ধেমাজি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্হা , কোচ ৰাজবংশী মহিলা সমিতিৰ যৌথ উদ্যোগত প্ৰায় তিনি শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ ,পোষ্টাৰ , প্লে’কাৰ্ড লৈ শ্ল’গানেৰে উত্তাল কৰি তোলে ৷তেওঁলোকে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত প্ৰায় তিনি ঘন্টা সময় ধৰি অৱস্হান ধৰ্মঘট পালন কৰে ৷
কাৰ্য্যসূচীৰ শেষত প্ৰতিবাদস্থলিতে এখনি প্ৰতি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷
সদৌ ধেমাজি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্হাৰ সভাপতি দিগেন ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰক প্ৰতাৰক আখ্যা দি পৃথক কমতাপুৰ লাগিবই বুলি হুংকাৰ দিয়ে ৷
শেষত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্হাৰ (আক্ৰাছু) সভাপতি দিগেন ৰয় আৰু যুটীয়া সাধাৰণ সম্পাদক আকাশ বৰ্মন আৰু প্ৰৱন বৰ্মন স্বাক্ষৰিত এখনি স্মাৰক ধেমাজি উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় জনজাতি মন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/7jDhTHf
via IFTTT
Comments
Post a Comment