আপোনাৰো যদি হোটেল, ৰেষ্টুৰেণ্ট, ধাবা, অতিথিশালা, বিবাহগৃহ আছে তেনে সাৱধান ! চাওক এই খবৰ…

ডিজিটেল সংবাদ তিনিচুকীয়াঃ আবকাৰী বিভাগৰ কোনোধৰণৰ বৈধ অনুজ্ঞাপত্ৰ নথকাকৈ তিনিচুকীয়া জিলাৰ বহুকেইখন হোটেল, ৰেষ্টুৰেণ্ট, ধাবা, অতিথিশালা তথা বিবাহগৃহ আদিয়ে অবৈধভাবে সুৰা মজুত ৰখাৰ লগতে গ্ৰাহক আৰু আবাসীসকলক অবৈধভাবে সুৰা বিক্ৰী কৰাটো তিনিচুকীয়া জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে। সেয়েহে আবকাৰী বিভাগৰ বৈধ অনুজ্ঞাপত্ৰ নথকাকৈ হোটেল, ৰেষ্টুৰেণ্ট, ধাবা তথা অতিথিশালাত অবৈধভাবে হৈ থকা সুৰাৰ বিক্ৰী তথা সেৱন সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ বাবে অতিৰিক্ত জিলা দণ্ডাধীশে তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ এক নিৰ্দেশনা জাৰি কৰিছে।
লগতে, তেনে হোটেল, ৰেষ্টুৰেণ্ট, ধাবা, বিবাহ গৃহ, অতিথিশালা আদিৰ স্বত্বাধিকাৰী তথা মেনেজাৰসকলে নিজ হোটেল, ৰেষ্টুৰেণ্ট, ধাবা, অতিথিশালা তথা বিবাহগৃহৰ অভ্যৰ্থনা কাউণ্টাৰত “Consumption of alcohol / liquor is not allowed” বুলি উল্লেখ কৰা এখন জাননী গ্ৰাহকৰ নজৰত অহাকৈ ৰাখিব লাগিব। এই নিৰ্দেশনা সমগ্ৰ জিলাতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত বাহাল থাকিব। কোনো হোটেল, ৰেষ্টুৰেণ্ট, ধাবা, অতিথিশালা অথবা বিবাহগৃহৰ কতৃপক্ষই এই নিৰ্দেশনা উলংঘা কৰিলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হব।
ক্লিক কৰি পঢ়কঃ কৰুণ ঘটনা : নিশা বানৰ পৰা ৰক্ষা পাবলৈ নিৰাপদ স্থানলৈ যোৱা নাও দুৰ্ঘটনা- ৩ শিশু সন্ধানহীন
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/LwU5qWm
via IFTTT
Comments
Post a Comment