যমুনামুখৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ নিশা উপস্থিত সাংসদ আজমল

ডিজিটেল সংবাদ, যমুনামুখ: যমুনামুখৰ সৰুপথাৰত থকা অস্থায়ী শিবিৰত শনিবাৰে নিশা উপস্থিত হৈ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে বানপিড়ীতৰ মনৰ বুজ লয় ৷সাংবাদিকৰ লগত হোৱা বৰ্তালাপত তেওঁ কয় যে পূৰ্বতকৈ এইবাৰ ডাঙৰ পানী হৈছে ৷

বানপিড়ীত ৰাইজে এমুঠি অন্ন আৰু এটোপি খোৱা পানীৰ বাবে হাহাকাৰ কৰি আছে ৷ এই সন্দৰ্ভত তেওঁ কি ব্যৱস্থা গ্ৰহন কৰিছে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে তেওঁ এই সন্দৰ্ভত জিলা প্ৰশাষনৰ বিষয়া সকলৰ লগত আলোচনা মৰ্মে ব্যৱস্থা ল’ব ৷কালিৰে পৰা তেওঁলোকৰ ব্যক্তিগত সংস্থা আজমল ফাউণ্ডেচন আৰু মকৰ্জুল মা আৰিফৰ জৰিয়তে বানপিড়ীত লোকক সাহাৰ্য্য আগবঢ়াব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত অৱগত কৰায় ৷

সমগ্ৰ অসমতে বানে সংহাৰি ৰূপ ধাৰন কৰিছে , সেইয়ে অসমৰ এই লোক সকলক সকাহ দিবলৈ ১০ হাজাৰ কোটি টকা দিবলৈ প্ৰধান মন্ত্ৰীৰ ওচৰত দাবী জনায় ৷শেষত বানাক্ৰান্ত লোকৰ মংগল কামনাৰ্থে আল্লাৰ ওচৰত দোৱা কৰে এ আই ইউ ডি এফ প্ৰধান বদৰ উদ্দুন আজমলে ৷

আৰু পঢ়ক: পুনৰ জলমগ্ন গুৱাহাটী মহানগৰী…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/LJQIB1C
via IFTTT

Comments