মৰিগাঁও জিলা পৰিষদৰ কৰ্মচাৰীৰ উদ্ভণ্ডালি! গাওঁ পঞ্চায়ত প্ৰতিনিধিক মদ খাই গতিওয়াৰ অভিযোগ…

ডিজিটেল সংবাদ, মৰিগাওঁঃ মৰিগাঁও জিলা পৰিষদত মৈমতালি কৰি আহিছে কেইবাজনো কৰ্মচাৰীয়ে। ইয়াৰ এইজন নৱ মহন্ত। পূৰ্বে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি ক্ষমা খুজিছিল। এইবাৰ তুলশিবৰী পঞ্চায়ত সভাপতি গুলজাৰ হুছেইনক জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক লগ কৰিব আহোঁতে কৰিছে দুৰ্ব্যৱহাৰ। অভিযোগ শাৰীৰিক ভাৱে অপদস্তকৰাৰ।

ঘটনাৰ বিৱৰণ মতে নৱ মহন্ত নামৰ এই কৰ্মচাৰী জনে সন্ধ্যা সময়ত নিজৰ বাহনেৰে জিলা পৰিষদৰ কাৰ্য্যালয়ৰ পৰা ঘৰলৈ যাবলৈ সাজোঁ হৈছিল। সেই সময়তে তুলশিবৰী গাওঁ পঞ্চায়তৰ সভাপতি গুলজাৰ হুছেইনে মুখ্য কাৰ্যবাহী বিষয়া খিটিছ চন্দ্ৰ পেগুক লগ কৰিবৰ বাবে জিলা পৰিষদ কাৰ্য্যালয়লৈ আহে আৰু সেই সময়তে গাড়ীৰ খিৰিকী খুলি নৱ মহন্তই কিয় মোলৈ চাইছে বুলি বেয়া ব্যৱহাৰ কৰা লগতে শাৰীৰিক ভাৱে অপদস্ত কৰে।

তুলশিবৰী গাওঁ পঞ্চায়ত সভাপতিৰ অভিযোগ, তেওঁক অপদস্ত কৰাৰ সময়ত নৱ মহন্তই মদ্যপ্ৰাণ কৰি আছিল। পৰৱৰ্তী সময়ত সংবাদ গ্ৰহণ কৰিব যোৱাৰ সময়ত সাংবাদিক সকলকো দুৰ্ব্যৱহাৰ কৰে এই নৱ মহন্তই। সাংবাদিক সকলে নৱ মহন্তৰ স্বাস্থ্য পৰীক্ষা কৰাৰ দাবী জনায় যদিও নৱ মহন্ত পলায়ন কৰে।

এতিয়া প্ৰশ্ন হৈছে মুখ্য কাৰ্যবাহী বিষয়া খিটিছ পেগু জিলা পৰিষদৰ কাৰ্যালয়ৰ চৌহদত চৰকাৰী আবাসগৃহ থকাৰ পিছত কেনেকৈ কাৰ্যালয়ত মদ্যপান কৰে এই কৰ্মচাৰী সকলে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/o0a96eD
via IFTTT

Comments