গোৱালপাৰা চহৰৰ হুলুকাণ্ড পাহাৰত নিশা ভয়ানক ভূমিস্খলন…

ডিজিটেল সংবাদ, গোৱালপাৰা: আজাদ নগৰত ভূমিস্খলন হৈ এহাল ভাতৃ-ভগ্নীয়ে শোকাৱহ মৃত্যুক আঁকোৱালি লোৱাৰ চৌব্বিশ ঘণ্টা পাৰ নৌহওঁতেই পুনৰ মুষলধাৰ বৰষুণত বৃহস্পতিবাৰে নিশা গোৱালপাৰা চহৰৰ হুলুকান্দা পাহাৰত ভয়ানক ভূমিস্খলন হৈছে।ফলত হুলুকান্দা পাহাৰত বিৰাজ কৰিছে তীব্ৰ আতংকৰ পৰিৱেশ।

বৃহস্পতিবাৰে নিশা সংঘটিত ভূমিস্খলনৰ ঘটনাত কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই। অৱশ্যে ভূমিস্খলনৰ ফলত দহটাতকৈ অধিক পৰিয়ালৰ জুপুৰি আৰু অসম আৰ্হিৰ(কংক্ৰিট) গৃহ বিধ্বস্ত হৈছে।জানিব পৰা মতে, প্ৰায় দহ দিনমান ধৰি সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাতো নেৰানেপেৰা মুষলধাৰ বৃষ্টিপাত হৈ আছে। পৰিণতিত গোৱালপাৰা চহৰৰ কেইবাটাও ৱাৰ্ডত কৃত্ৰিম বানৰ সৃষ্টি হৈ জনজীৱন ব্যাহত হোৱাৰ লগতে ঠায়ে ঠায়ে ভূমিস্খলন হৈ আছে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে পুৱা ছমান বজাত ১৯ নং ৱাৰ্ডৰ আজাদ নগৰত ভূমিস্খলন হয়।

ফলত পথ সুৰক্ষাৰ আসোঁৱাহ থকা বেৰ এখন আছুৰুদ্দিন শিকাদাৰৰ টিনপাতৰ জুপুৰিত পৰি শিকদাৰৰ দুই সন্তানে বিছনাত শুই থকা অৱস্থাতে শোকাৱহ মৃত্যুক আঁকোৱালি লয়।সামন্তৰালকৈ পুৱাৰে পৰা হুলুকান্দা পাহাৰৰ জনবসতি এলেকাৰ কেইবাটাও ঠাইত ফাঁট মেলিবলৈ আম্ভ কৰে।আজাদ নগৰৰ মৰ্মান্তিক ঘটনাৰ পিচতে হুলুকান্দা পাহাৰৰ ফাঁট মেলা বিপজ্জনক স্থানৰ আবাসী পৰিয়ালসকলে সচেতন হৈ নিৰাপদ স্থানত অৱস্থান কৰে।

যাৰ ফলত নিশাৰ প্ৰচুৰ বৰষুণত হুলুকান্দা পাহাৰত সংঘটিত ভয়ানক ভূমিস্খলনত সম্ভাৱ্য বিপদৰ পৰা অমিতাভ দাস,মুকুত দাস,মৃদুল দাস,হিটলাৰ দাস, মিঠু ৰাভা আদি দহটাতকৈ অধিক পৰিয়াল কথমপি ৰক্ষা পৰে।নিশাৰ এই ভয়ানক ভূমিস্খলনৰ খবৰ পাই জিলা প্ৰশাসনৰ নিৰ্দেশত বালিজান ৰাজহ চক্ৰ বিষয়া,লাট মণ্ডলে ঘটনাস্থলীত উপস্থিত হৈ হুলুকান্দা পাহাৰ ত্যাগ কৰিবলৈ মৌখিক নিৰ্দেশ কৰে পৰিয়ালসকলক।

চক্ৰ বিষয়া অমৰ জ্যোতি নাথ আৰু লাট মণ্ডল হীৰাই সাংবাদিকক জানিব দিয়া মতে, একালৰ হলৌ আৰু কপিকুলৰ বাসস্থান হুলুকান্দা পাহাৰখনত বসবাস কৰা দুই এঘৰ পৰিয়ালৰ বাহিৰে অধিকাংশ পৰিয়ালৰ ভূমি হুলুকাণ্ড পাহাৰৰ চৰকাৰী খাচ ভূমি।সেই হিচাপত পাহাৰৰ বিপজ্জনক স্থানত ঘৰ-দুৱাৰ সাজি দীৰ্ঘদিন ধৰি বসবাস কৰা অধিকাংশ পৰিয়ালে অবৈধ বেদখলকাৰী। অতি শীঘ্ৰেই হুলুকান্দা পাহাৰত জীৱন বিপদাপন্ন কৰি বসবাস কৰি অহা পৰিয়ালসকলক অইন ঠাইত ভূমি আৱণ্টন কৰি স্থানান্তৰ কৰি পাহাখন বেদখল মুক্ত কৰাৰ লগতে চহৰীয়া নাগৰিকসকলৰ জীৱন সুনিশ্চিত কৰিবলৈ সচেতন মহলে দাবী উত্থাপন কৰিছে।

আৰু পঢ়ক: মায়ঙৰ চনকাত ভূমিস্খলন , আৱদ্ধ পৰ্যটকৰ বাহন…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/VWe3TIj
via IFTTT

Comments