সুৰংগ পথ জলমগ্ন, ৰে’লৰ খুন্দাত এজনৰ মৃত্যু…

ডিজিটেল সংবাদ,বকো :কামৰূপ জিলাৰ বামুণীগাঁৱত বৃহস্পতিবাৰে ৰে’লৰ খুন্দাত এজন লোকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।ঘটনাৰ বিৱৰণ মতে কামাখ্যা-যোগীঘোপা ৰে’লপথৰ বকো থানাৰ অন্তৰ্গত বামুণীগাঁও ৰে’ল ষ্টেচনৰ সমীপত এজন লোকক ৰে’লে খুন্দিয়াই থৈ যায়। থিতাতে মৃত্যু হোৱা লোকগৰাকীক আৰক্ষীয়ে প্ৰত্যক্ষদৰ্শীৰ খবৰৰ ভিত্তিত বকো থানালৈ আনিছে যদিও এতিয়ালৈ চিনাক্ত হোৱা নাই।
স্থানীয় সূত্ৰ এটাই অভিযোগ কৰা মতে ৰে’ল বিভাগে ৰে’ল পথৰ তলেৰে যাতায়ত কৰা সুৰঙ্গ পথত বৰষুণৰ ফলত জলমগ্ন হোৱাত ৰে’লপথৰ ওপৰেৰে যায় লগীয়া হৈছিল লোকগৰাকীয়ে। সূত্ৰটোৱে আৰু দাবী কৰা মতে ৰে’ল বিভাগে সুৰঙ্গ পথটো উপযুক্ত ভাবে নিৰ্মাণ নকৰাৰ ফলত এজাক সাধাৰণ আহিলেই পথটো জলমগ্ন হৈ পৰে। তেতিয়াই বামুণীগাঁও লোকনিৰ্মাণ পথেৰে অহা-যোৱা কৰা ৰাইজে বিপদ সংকুল ভাবে ৰে’ল পথৰ ওপৰেৰে যাতায়ত কৰিব লগা হয় ।
এনেদৰে অহা-যোৱা কৰাৰ ফলত ইতিমধ্যে বামুণীগাঁও ৰে’ল ষ্টেচনৰ সমীপত অনেক ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । ৰে’ল বিভাগৰ ওচৰত ৰাইজে সুৰঙ্গ পথবোৰ উপযুক্ত ভাবে নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিও বিভাগটোৰ এতিয়ালৈকে গা লৰা নাই। উল্লেখযোগ্য যে কামাখ্যা-যোগীঘোপা ৰে’লপথৰ বামুণীগাঁৱৰ উপৰিও কেৱল দক্ষিণ কামৰূপ অঞ্চলত আগচিয়া- নধিয়াপাৰা পথ , বকো – বাকাৰাপাৰা পথ , বকো-তাৰাবাৰী পথকে ধৰি গোৱালপাৰা জিলাৰ বিভিন্ন সুৰঙ্গ পথ জলমগ্ন হৈ পৰিছে । পথবোৰেৰে একপ্ৰকাৰ ৰাইজে অহা-যোৱা কৰিব নোৱাৰা হৈছে । পথবোৰ সম্প্ৰতি পথেনে খাল-বিল ধৰিব নোৱাৰা অৱস্থা হৈছে ।
আৰু পঢ়ক: মায়ঙৰ চনকাত ভূমিস্খলন , আৱদ্ধ পৰ্যটকৰ বাহন…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ycnLDGI
via IFTTT
Comments
Post a Comment