প্ৰকৃতিৰ লগত যুঁজাটো ইমান সহজ নহয়- মন্ত্ৰী পীযুষ হাজৰিকা…

ডিজিটেল সংবাদ দিছপুৰঃ অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত সৰুআটি অঞ্চলত উপস্থিত হৈ বিগত কিছুদিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত নদীৰ জলস্তৰ বৃদ্ধি হৈ অঞ্চলটোত বিগত তিনি দিন ধৰি দুটাকৈ স্থানত সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰে । স্পৰ্শকাতৰ এই অংশ দুটাৰ সুৰক্ষাৰ বাবে ইতিমধ্যে জলসম্পদ বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে পাত্ৰবড়ী অঞ্চলত থকা শ্লুইছ গেট পৰিদৰ্শন কৰি এই গেটত বেয়া হৈ যোৱা এটা শ্বাটাৰ অতি সোনকালে পানী কমাৰ লগে লগে মেৰামতি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ।

পৰিদৰ্শনৰ সময়ত উপস্থিত থকা স্থানীয় সাংবাদিকক উদ্দেশ্যি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে- কেইবাদিনো ধৰি চলি থকা নেৰা নেপেৰা বৰষুণৰ ফলত তিনিদিন ধৰি অঞ্চলটোত মথাউৰিৰ খহনীয়া চলি আছে আৰু মথাউৰি ৰক্ষাৰ বাবে জলসম্পদ বিভাগৰ প্ৰচেষ্টা অব্যাহত আছে | ইতিমধ্যেই খহনীয়া হোৱা অঞ্চল দুটাত প্ৰায় তিনি হাজাৰ সৰু বেগ আৰু ১০০ তকৈও অধিক ডাঙৰ বেগেৰে খহনীয়া প্ৰতিৰোধৰ কাম অব্যাহত আছে |

অসমৰ ডিমা হাচাও আৰু কাৰ্বি আংলঙ জিলাত হোৱা প্ৰচুৰ বৰষুণৰ বাবে নামনি অঞ্চললৈ বাগৰি অহা পানীৰ প্ৰভাৱ অহা পৰহিলৈ অঞ্চলটোত পৰাৰ আশংকা আছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে- বিভাগীয় তৎপৰতাৰে খহনীয়া হোৱা অঞ্চল কেইটা ৰক্ষা কৰিবলৈ প্ৰয়াস কৰা হৈছে | বিভাগীয় বিষয়া কৰ্মচাৰীয়ে অহোপুৰুষাৰ্থ কৰি থকা কামত স্থানীয় ৰাইজকো হাত উজান দি সহায় আগবঢ়াবৰ বাবে মন্ত্ৰী তথা স্থানীয় বিধায়ক গৰাকীয়ে অনুৰোধ জনায় |

আনহাতে বিগত সময়খিনিত প্ৰচুৰ বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ নামনি অসমত বান পৰিস্থিতি কিছু অৱনতি হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে- তেঁও প্ৰতি মূহূৰ্ততে বিভাগীয় অভিযন্তাৰে বান পৰিস্থিতিৰ বুজ লৈ আছে আৰু প্ৰয়োজনীয় ব্যৱস্থা হাতত লবলৈ সংশ্লিষ্ট সকলো পক্ষৰে সৈতে যোগাযোগ ৰাখি আছে আৰু কাইলৈ তেঁও নিজেও পুৱাতে নামনিৰ কেইবাটাও স্থানত বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে যাব | আনহাতে প্ৰকৃতিৰ লগত যুঁজাটো ইমান সহজ নহয় যদিও আমাৰ ফালৰ পৰা চেষ্টাৰ কম হ’ব নালাগে, মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে |

উল্লেখযোগ্য যে কালি মন্ত্ৰী পীযুষ হাজৰিকাই বানপানীৰ সময়ত খহনীয়া আৰম্ভ হোৱা মথাউৰিৰ ফটো আৰু স্থান উল্লেখ কৰি বাৰ্তা পঠাবলৈ সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ মোবাইল নাম্বাৰ ৰাজহুৱা কৰিছিল | এই কথা উল্লেখ কৰি আজি মন্ত্ৰী গৰাকীয়ে কয় যে- যদি বিভাগে সময়ত খহনীয়া হোৱা মথাউৰিৰ খবৰ লাভ কৰে, তেন্তে বহু মথাউৰি বিভাগীয় প্ৰচেষ্টাত ৰাখিব পৰা যাব |



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/pMA62C0
via IFTTT

Comments