পত্নীক নৃশংসভাৱে হত্যা, আদালতে দণ্ডিত কৰিলে স্বামীক…

ডিজিটেল সংবাদ,.ওদালগুৰি: হত্যাৰ অপৰাধত শুকুৰবাৰে এজনক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতে। ঘটনা সংঘটিত হৈছিল ২০১৯ চনৰ ২২ জানুৱাৰীত।
ঘটনা সন্দৰ্ভত পানেৰী আৰক্ষী থানাত ৰুজু কৰা হৈছিল এক গোচৰ। গোচৰীয়া দমনিক ওৰাঙে দাখিল কৰা এজাহাৰ অনুসৰি উক্ত দিনা পুৱতি নিশা প্ৰায় ৩ বজাত ঔৰাংজুলি চাহ বাগিচাৰ নিৱাসী এটোৱা মুণ্ডাই শুই থকা অৱস্থাতে নিজ পত্নী ৰেজিনা মুণ্ডাক এখন ডাৰে শুৱাপাটীতে ঘপিয়াই হত্যা কৰে। কেৱল হত্যা কৰাই নহয়, পত্নীক হত্যা কৰি নিজৰ বাসভৱনটোত অগ্নিসংযোগ কৰি ঘৰটোৰ সকলো আচবাৱ জ্বলাই দিয়ে।
উক্ত এজাহাৰৰ ভিত্তিত পানেৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ আৰু ৪৩৬ নম্বৰ ধাৰাৰ অধীনত ৯/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি অভিযুক্ত এটোৱা মুণ্ডাক গ্ৰেপ্তাৰ কৰে। উক্ত গোচৰ সন্দৰ্ভত আদালতত ৭০/১৯ নম্বৰ গোচৰ সন্দৰ্ভত চলা যুক্তি তৰ্কৰ অন্তত হত্যাকাৰী এটোৱা মুণ্ডাক ওদালগুৰি অতিৰিক্ত সত্ৰ ন্যায়ধীশ নিশান্ত গোস্বামীৰ আদালতে যাৱজ্জৱন কাৰাদণ্ডৰ লগতে পাঁচ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা দিবলৈ অসমৰ্থ হ’লে অতিৰিক্ত তিনি মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে আদালতে।
আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/PdDFC4y
via IFTTT
Comments
Post a Comment