বড়ো মাধ্যমৰ শীৰ্ষ ১০ কৃতীমানক সম্বৰ্ধনা জনাব এবছুৱে…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বড়ো মাধ্যমৰ শীৰ্ষ ১০ কৃতীমানক সম্বৰ্ধনা জনাব এবছুৱে । প্ৰতিবছৰে বড়ো মাধ্যমত শীৰ্ষ দহ কৃতীমানক এবছুৱে কমল কুমাৰ ব্ৰহ্ম বঁটা দি আহিছে আৰু এইবেলিও অহা ১৪ জুন তাৰিখে চিৰাং জিলাত এই কাৰ্যসূচী সম্পন্ন হব ।এই মন্তব্য প্ৰকাশ কৰিছে এবছুৰ সহ সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্মই ।
আজি কোকৰাঝাৰস্থিত এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউচত অনুষ্ঠিত হোৱা এক সংবাদমেলত এবছুৰ সহ-সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্মই উক্ত তথ্য সদৰি কৰি কয় যে, বড়ো মাধ্যমৰ ফলাফল তুলনামূলভাৱে ভাল হৈ আহিছে । হাইস্কুলত শিক্ষান্ত পৰীক্ষাত এইবেলি বড়ো মাধ্যমৰ পৰা ১৭৩০৩ জন পৰীক্ষাৰ্থী অবতীৰ্ণ হৈছিল আৰু ১০৪৪২জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ ৬০.৩৫ শতাংশ ।
ইয়াৰে ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰা ১০ গৰাকী কৃতীমানক অহা ১৪ জুনত চিৰাং জিলাৰ বিজনীত এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানেৰে কমল কুমাৰ ব্ৰহ্ম বঁটা প্ৰদান কৰা হব ।
উল্লেখ্য যে, কমল কুমাৰ ব্ৰহ্ম বঁটা লাভ কৰিবলৈ সক্ষম হোৱা তথা বড়ো মাধ্যমৰ পৰা শীৰ্ষ দহটা স্থান লাভ কৰা কৃতীমান সকল হ’ল ক্ৰমে প্ৰথম স্থানত দীপক বড়ো (৯৭ শতাংশ ), মনদ্বীপ বড়ো (৯৭শতাংশ ) ,বৈশুংগিৰি বসুমতাৰী, (৯৫.৮৩শতাংশ), তৃতীয় স্থানত দীপদ্যুতি বসুমতাৰী (৯৪.৮৩শতাংশ), চতুৰ্থ স্থানত ৰংজালী খেৰকাটাৰী(৯৪.৫০শতাংশ) আৰু অঞ্জু বসুমতাৰী (৯৪.৫০শতাংশ), পঞ্চম স্থানত জিঞ্জেৰী বড়ো (৯৪.৩৩শতাংশ), ষষ্ঠ স্থানত জয়ছ বসুমতাৰী (৯৪.১৬শতাংশ), সপ্তম স্থানত যুগামী বসুমতাৰী (৯৩.৮৩শতাংশ), অষ্টম স্থানত উপমা বড়ো (৯৩.৫০শতাংশ), নৱম স্থানত মৌচুমী স্বৰ্গীয়াৰী (৯৩.৩৩শতাংশ) আৰু দশম স্থানত কিৰাট বড়ো আৰু ৰোহিত স্বৰ্গীয়াৰী(৯৩.১৭শতাংশ)।
আজিৰ সংবাদমেলত এবছুৰ সহকাৰী শিক্ষা সম্পাদক ৰোমিঅ’ কুমাৰ বসুমতাৰী আৰু সহকাৰী সাধাৰণভ সম্পাদক মণিৰাম বৰগয়াৰী উপস্থিত আছিল ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/WPRwQ6f
via IFTTT
Comments
Post a Comment