পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ ধৰ্মঘটঃ উত্তাল কোকৰাঝাৰ…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি কোকৰাঝাৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰনৰ দাবীত কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ শিশু উদ্যানত তিনি ঘন্টীয়া এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ।

অৱস্থান ধৰ্মঘট কাৰ্যসুচীত আক্ৰাছুৰ কৰ্মী, সদস্য আৰু সমৰ্থকসকলে হাতে হাতে দাবী সম্বলিত প্লেকাৰ্ড লৈ ন’ এছ টি ন’ ৰেষ্ট , ন’ কামতাপুৰ ন’ ৰেষ্ট, এছটি আমাক লাগিবই , বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে ধৰ্ণাস্থলী উত্তাল কৰি তোলে ।

ইপিনে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মুকুল কৃষ্ণ বৰ্মন আৰু জিলা আক্ৰাছুৰ সভাপতি পৰীক্ষিত ৰায়ে সংবাদমাধ্যমৰ আগত কোনো এটা ৰাজনৈতিক দলেই তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰাত ক্ষোভ প্ৰকাশ কৰি অনাগত সময়ছোৱাত ইয়াৰ কুফল ৰাজনৈতিক দলসমূহে ভূগিব লাগিব বুলি মন্তব্য কৰে । তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নীতি সলনি নকৰিলে অসমত থকা ৮০ লাখ কোচ ৰাজবংশী জনতাৰ পৰা উচিত প্ৰত্যুত্তৰ পাব বুলি মন্তব্য কৰে ।

কেএচিৰে গঠন কৰি দিলেই কোচ ৰাজবংশী জনতা ক্ষান্ত নহয় বুলিও স্পষ্ট কৰি দিয়ে আক্ৰাছুৰ নেতা দ্বয়ে । আজিৰ ধৰ্মঘট কাৰ্যসূচীত আক্ৰাছুৰ সাংগঠনিক সম্পাদক ভদ্ৰেশ্বৰ ৰায়, জিলা সম্পাদক হিতেশ বৰ্মন আৰু জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ নেতৃবৃন্দ উপস্থিত আছিল । ধৰ্মঘট কাৰ্যসূচীৰ অন্তত আক্ৰাছুৰ এক প্ৰতিনিধি দলে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী লৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/TOyLNFu
via IFTTT

Comments