চাকৰি ওলাইছে ৪৬,০০০; ক’ত, কেনেকৈ কৰিব আৱেদন…

ডিজিটেল ডেস্ক: চাকৰি ওলাইছে ৪৬ হাজাৰ। পাব আকৰ্ষণীয় মাহেকীয়া বেতন আৰু সেৱা নিধি পেকেজ। অগ্নিপথ আঁচনিৰ জৰিয়তে ইমান বৃহৎ সংখ্যক নিযুক্তিত ইতিমধ্য অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে।
ভাৰতীয় যুৱক-যুৱতী সকলক ৪ বছৰৰ বাবে সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়াবলৈ সুবিধা প্ৰদান কৰা হ’ব। ১৭.৫ ৰ পৰা ২১ বছৰৰ ভিতৰৰ যুৱক-যুৱতীয়ে এই পদৰ বাবে আৱেদন কৰিব পাৰিব।
তেওঁলোকক অগ্নিবীৰ হিচাপে ৰাষ্ট্ৰক সেৱা আগবঢ়াবলৈ সুবিধা প্ৰদান কৰিব। যোগ্যতা আৰু সাংগাঠনিক প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা আৰু স্বচ্ছতাৰে ২৫ শতাংশ পৰ্যপ্ত নিয়মীয়া কেডাৰ ৰূপে নিযুক্তি দিব।
স্থল সেনা, নাবিক, এয়াৰ মেন তিনিওটা শাখাতে নিযুক্তি পাব। সেৱা নিধিৰ পেকেজ হিচাপে ৪ বছৰ পাছত তেওঁলোকে লাভ কৰিব ১১ লাখ ৭১ হাজাৰ টকা। প্ৰথম মাহত দৰমহা পাব ৩০ হাজাৰ টকা। দ্বিতীয় বছৰত দৰমহা ৩৩,০০০ , তৃতীয় বছৰৰ দৰমহা ৩৬,৫০০ আৰু চতুৰ্থ বছৰৰ দৰমহা হব ৪০, ০০০ টকা।
প্ৰাৰ্থী সকলৰ শিক্ষাগত অৰ্হতা হব দশম শ্ৰেণী উত্তীৰ্ণ। সশস্ত্ৰ বাহিনী এক পৰিৱৰ্তনশীল নিযুক্তি নীতিৰ সংস্কাৰৰ লক্ষ্যৰে এই আঁচনিৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। তেওঁলোকক দক্ষতা বিকাশ আৰু প্ৰশিক্ষণৰ উপযুক্ত ব্যৱস্থা কৰা হ’ব।
আৰু পঢ়ক: মহানগৰীৰ বহু স্থানত অপৰিৱৰ্তিত বান পৰিস্থিতি
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/EtX75fi
via IFTTT
Comments
Post a Comment