চিৰাঙৰ ঢালিগাঁৱত ‘প্ৰধানমন্ত্ৰী পুষন’ যোজনাৰ অধীনত বিশেষ অনুষ্ঠান…

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ ঢালিগাঁও স্থিত ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠান হয়। এই অনুষ্ঠানত ৰাজ্যৰ ৰেচম আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী তথা জিলা খনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, চিদলী বিধানসভাৰ সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ মনোনীত এমচিএলএ মাধব ছেত্ৰীয়ে আনুষ্ঠানিক চিৰাং জিলাৰ চৰকাৰী শিক্ষানুষ্ঠান আৰু নিদিষ্ট অঙ্গনবাদী কেন্দ্ৰ সমুহৰ মাজত নতুন ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰে ।

ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ কৰ্পৰেট পৰিৱেশ আৰু সামাজিক দায়বদ্ধতা কাৰ্য্যসূচীৰ অধীনত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত আজি চিৰাং জিলাৰ চৰকাৰী শিক্ষানুষ্ঠান আৰু নিদিষ্ট অঙ্গনবাদী কেন্দ্ৰৰ মধ্যাহ্ন ভোজন ৰন্ধনৰ সুবিধাৰ্থে আজি ৰেঙনি প্ৰকল্পৰ জৰিয়তে নতুন ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰে ।

বুধবাৰৰ এই অনুষ্ঠানত বঙাইগাঁও শোধনাগাৰ আৰু জিলা প্ৰশাসনৰ যৌথ উদ্যোগত আয়োজিত ৰেঙনি প্ৰকল্পৰ ৰন্ধন গেছ বিতৰণ কৰা অনুষ্ঠানত জিলা খনৰ বিভিন্ন এলেকাৰ পৰা বিদ্যালয়ৰ শিক্ষক আৰু অঙ্গনাবাদী কেন্দ্ৰৰ কৰ্মী সকল উপস্থিত থাকে ।

ইমান দিনে পৰম্পৰাগত খৰিৰে মধ্যাহ্ন ভোজন ৰন্ধন কৰা বিদ্যালয় আৰু অঙ্গনাবাদী কেন্দ্ৰ সমূহে আজি ৰন্ধন গেছৰ সংযোগ লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰে আৰু বঙাইগাঁও শোধনাগাৰ কতৃপক্ষৰ এই পদক্ষেপক শলাগ লয় ।

আৰু পঢ়ক: নাই দৰমহা, নগাঁও কাগজ কলৰ আৰু এজন শ্ৰমিকৰ মৃত্যু…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/G7JSZe5
via IFTTT

Comments