মৰ্মান্তিকঃ বানে উটুৱাই নিলে কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু কনিষ্টবলক…

ডিজিটেল সংবাদ, নগাঁওঃ ভয়ানক বানে নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চলত ব্যাপক ক্ষয়-ক্ষতি কৰাৰ মাজতে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে কামপুৰত।

অভিযান চলাবলৈ যোৱা কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতি আৰু কণিষ্টবল ৰাজীৱ বৰদলৈক বানে উটুৱাই নিয়া ঘটনাই সমগ্ৰ নগাঁৱতে শোঁকৰ ছা পেলাইছে। ইতিমধ্যে এছডিআৰএফে অভিযান চলাই কণিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান উলোৱা নাই কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিৰ।

মাত্ৰ কেইমাহমান পূৰ্বে কামপুৰ আৰক্ষী থানাত যোগদান কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক গৰাকী সমগ্ৰ নগাঁও আৰক্ষীৰ মাজত এগৰাকী কৰ্মদক্ষ আৰু অমায়িক বিষয়া হিচাপে পৰিচিত আছিল। দেওবাৰে নিশা কামপুৰ চহৰৰ পাচনিঝাৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত এগৰাকী অপৰাধীক বিচাৰি অভিযান চলাবলৈ যোৱাৰ সময়তে এই শোকাৱহ ঘটনা সংঘটিত হৈছে।

জানিবপৰামতে, কণিষ্টবল ৰাজীৱ বৰদলৈৰ প্ৰাণৰক্ষা কৰিবলৈ পানীত জাপ দিছিল ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিয়ে। পিছে কপিলী আৰু নিশাৰী নৈৰ পৰা সৃষ্ট সংহাৰী বানৰ কোবাল সোঁতে উটুৱাই নিয়ে দুয়োকে। বৰ্তমানলৈকে আৰক্ষী বিষয়াগৰাকীৰ সন্ধানত এছডিআৰএফে উদ্ধাৰ অভিযান চলাই আছে যদিও সমুজ্বল কাকতিৰ কোনো সন্ধান লাভ কৰা হোৱা নাই।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/KITY6a4
via IFTTT

Comments