ওদালগুৰিত অবৈধ কাঠমিল উৎখাত…

ডিজিটেল সংবাদ ওদালগুৰিঃ আজি এছ এছ বি আৰু বন বিভাগৰ যৌথ অভিযানত ওদালগুৰি পুৰনি নলবাৰীৰ পৰা অবৈধ কাঠমিলসহ বহু মূল্যবান কাঠ জব্দ কৰে। এছ অছ বিৰ ২৩ নম্বৰ লালপুল বেটেলিয়নৰ অন্তৰ্গত ফুলবাৰী আৰু কালঝাৰ শাখাই বন বিভাগৰ সহযোগত আজি দিনৰ প্ৰায় ১১-৪৫ বজাত পুৰনি নলবাৰী অঞ্চলত অভিযান চলাই দলটোৱে অবৈধ ভাৱে চলাই অহা এটা কাঠমিল উৎখাত কৰি এটা কঠাফলা মেচিন, এটা পাৱাৰ পাম্প আৰু ১১৮ টুকুৰা কাঠৰ ফান্টা জব্দ কৰে।
উক্ত অভিযানৰ নেতৃত্ব দিয়ে এছএছবিৰ কামাণ্ডিং অফিচাৰ প্ৰবীন কুমাৰে।ভৱিষ্যতেও এনেধৰনৰ অভিযান অব্যাহত থাকিব বুলি এছ এছ বি সুত্ৰটোৱে জানিব দিয়ে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/nQZ5vlY
via IFTTT
Comments
Post a Comment