মায়ঙৰ চনকাত ভূমিস্খলন , আৱদ্ধ পৰ্যটকৰ বাহন…

ডিজিটেল সংবাদ, মায়ং, মায়ঙৰ চনকাত ভূমিস্খলনৰ ফলত মায়ঙ পাহাৰৰ পৰা বাগৰি পৰিছে প্ৰকাণ্ড শিল আৰু মাটি। ফলত যাতায়ত যোগাযোগ স্তব্ধ হৈ পৰিছে অঞ্চলটোত।

তিনি খন পৰ্যটকৰ বাহন বৰ্তমান লৈ আৱদ্ধ হৈ আছে চনকাত। নিশা থকা কৈ আহিছিল চনকাৰ এখন ৰিজৰ্টত। গাড়ী কেইখন পাৰ কৰাবলৈ বিকল্প পথ আৰু নাই। চনকাত প্ৰৱেশ কৰিব পৰা নাই মায়ঙৰ ফালৰ পৰা যোৱা কোনো এখন  যান বাহন।

পথ বন্ধ  হৈ পৰাৰ লগে লগে ৰাইজৰ হাহাকাৰ লাগিছে। স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰী অসুবিধাত পৰিছে।পবিতৰাৰ বন বিভাগৰ লোক আৰু জিলা প্ৰশাসনৰ লোক সেই ঠাইত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।কিদৰে সোনকালেই শিল কেইটা আতৰাব পাৰি তাৰ ব্যবস্থা হাতত লৈছে বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি চনকা লৈ যোৱা একমাত্ৰ পথটো নিৰ্মাণৰ দায়িত্ব পোৱা ঠিকাদাৰৰ ভুল বাবেই এই পৰিনাম ভুগিব লগা হৈছে ৰাইজে।পাহাৰৰ মাটি কাটি পথ নিৰ্মাণত ব্যবহাৰ কৰাৰ ফলত খহি পৰিছে  শিল।

আৰু পঢ়ক: আন্ত:ৰাষ্ট্ৰীয় মুকলি কাৰাটে ডু প্ৰতিযোগিতাত অংশ ল’ব অসমৰ সহকাৰী আয়ুক্তা ৰীমাই…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Vz84BI9
via IFTTT

Comments