নগাঁও চহৰৰ যানযঁট নিয়ন্ত্ৰন বাবে ৰাজপথত নামিল এছ পি…

ডিজিটেল সংবাদ,নগাঁও: যানযঁট নিয়ন্ত্ৰনৰ বাবে ৰাজপথত নামিল নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে ৷ শুক্ৰবাৰে বিয়লি আৰক্ষী অধীক্ষক লীনা দলে চহৰখনৰ বৰবজাৰ এলেকাত উপস্হিত হয় ৷ চহৰখনৰ ভিতৰতে ব্যাপক হাৰত যানযঁটৰ সৃষ্টি হয় বৰবজাৰ এলেকাত ৷
অধীক্ষক লীনা দলে বৰবজাৰ এলেকাত খোজ কাঢ়ি যান বাহন নিয়ন্ত্ৰন কৰাৰ লগতে নিয়ম নমনা বাহনসমূহক জৰিমনা বিহে ৷ লগতে সকলোকে নিয়ম মানি যান বাহন পাৰ্ক কৰিবলৈ আৰু চলাবলৈকো আহ্বান জনাই ৷ এই অভিযানৰ সময়ত বৰবজাৰ আৰু ঢাকায়াপট্টিৰ এলেকাটো পথচোৱাৰ সূচল যাতায়তৰ বাবে উপযোগি কৰি তোলে ৷
আৰক্ষী অধীক্ষকে চলোৱা এই অভিযানৰ সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰা , সদৰ থানাৰ বিষয়া মনোজ ৰাজবংশী, যান বাহন বিষয়া ইৰচাদ ৰাজা শ্বেখ উপস্হিত থাকে ৷ অভিযানৰ সময়ত অধীক্ষক দলেয়ে সকলোকে আহ্বান জনাই কয় যে সকলোয়ে যান বাইন আইন মানি চলক ৷
যানযঁটৰ বাবে জৰুৰীকালীন সেৱাত যাতে সমস্যা নহয় , চহৰখনত সুচল যাতায়ত ব্যৱস্হা অব্যাহত থাকে তাৰ বাবে চহৰখনৰ সকলো এলেকাতে অভিযান চলিব বুলি কয় ৷ ৰিলিফ কঢ়িওৱা ট্ৰাক আৰু বৰদোৱা প্ৰকল্পৰ সামগ্ৰী কঢ়িওৱা ট্ৰাক বাহিৰে চহৰখনৰ মাজেৰে দিনৰ ন বজাৰ পিছত গধূৰ যান বাহনৰ চলাচলত বাধা আৰোপ কৰা আছে বুলিও কয় ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/XmN3pl7
via IFTTT
Comments
Post a Comment