সাজু হওঁকঃ ৯বজাৰ লগে লগে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল…

ডিজিটেল ডেস্কঃ পুৱা ৯বজাৰ লগে লগে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১৬টা ৱেবচাইটত প্ৰকাশ কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি অনলাইনযোগে নিজৰ ফলাফল sebaonline.orgresultsassam.nic.inresults.shikshaassamresult.inassamresult.co.in ৱেবচাইটত লাভ কৰিব।

এইবাৰ ১৫ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈ অনুষ্ঠিত হৈছিল উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। এইবাৰ কলা, বিজ্ঞান, আৰু বাণিজ্য শাখাত সৰ্বমুঠ ৭৯৬টা পৰীক্ষা কেন্দ্ৰত প্ৰায় ২.১৫ লাখ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

বিগত বছৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৯৯.০৬ শতাংশ, কলা শাখাত ৯৮.৯৩ শতাংশ আৰু বাণিজ্য শাখাত ৯৯.৫৭ শতাংশ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/OubC2oB
via IFTTT

Comments