বিষ্ণু প্ৰসাদ ৰাভা দিৱস উপলক্ষে বান পীড়িতলৈ সাংবাদিকৰ সাহায়ৰ হাত…

ডিজিটেল সংবাদ নগাঁও : নিস্পেষিত জনগনৰ বাবে জীৱন উৎসৰ্গা কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ৷ আৰ্তজনৰ কাষত ঠিয় দিছিল বিষ্ণুপ্ৰসাদ ৰাভাই ৷ বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ শুভ ক্ষণত পুৱাতে নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ’চিয়েচন আৰু নগাঁও জিলা বাৰ্তাজীৱী সংঘই হাতত ল’লে এক বিশেষ কাৰ্যসূচী ৷ নগাঁৱৰ সাংবাদিক সংগঠন দুটিয়ে বানাক্ৰান্ত লোকলৈ আগবঢ়ালে সহায়ৰ হাত ৷ কামপুৰ কঠিয়াতলি অঞ্চলত উপস্হিত হৈ অনাহাৰে থকা লোকলৈ আগবঢ়ালে খাদ্যৰ টোপোলা ৷
সাংবাদিক সংগঠন দুটিয়ে আয়োজন কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱসৰ দুদিনীয়া কাৰ্যসূচীৰ প্ৰথমটো কাৰ্যসূচী “বানাক্ৰান্তলৈ সাহাৰ্য্য” ৰূপায়ন কৰে কঠিয়াতলি জ্যোতি নগৰ গাঁৱত ৷ স্হানীয় প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লৈ থকা বানাক্ৰান্ত লোকৰ মাজত চাউল,দালি,চিৰা,মিঠাতেল,মেগি,বিস্কুট, গাখীৰ,খোৱাপানী আদিৰ টোপোলা বিতৰন কৰে ৷ আশ্ৰয় শিবিৰৰ লগতে পথৰ দাতিত আশ্ৰয় লৈ থকা বানাক্ৰান্ত লোককো খাদ্যৰ টোপোলা বিতৰন কৰে সাংবাদিক সকলে ৷
ক্লিক কৰি পঢ়কঃ উদ্ধাৰ হ’ল কামপুৰৰ বানত উটি যোৱা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/KXoiyn9
via IFTTT
Comments
Post a Comment