১মিনিটত ২৫খবৰ…

১. কলিয়াবৰত কাঞ্চনজুৰিত ভয়ংকৰ দুৰ্ঘটনাঃ ৪জনৰ কৰুণ মৃত্যু।
২. আমেৰিকাৰ মিছৌৰিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।
৩. বান বিধ্বস্ত পকী পথে জ্বলা কলা খুৱাইছে বকো সমষ্টিৰ বৃহত্তৰ টুপামাৰী সোনতলী অঞ্চলবাসীক।
৪. সংবাদ মাধ্যমৰ ভুৱা কাৰ্ড লৈ মহানগৰীত জাল নোট সৰবৰাহকাৰী। সাতগাঁৱত হাতীগাঁও আৰক্ষীয়ে জালনোট সহ গ্ৰেপ্তাৰ কৰিছে হাফিজুল ইছলাম নামৰ এজনক।
৫. ৰাজস্থানৰ উদয়পুৰত দুজন লোকে ডিঙি ৰেপি হত্যা কৰিলে এজন দৰ্জীক, ছচিয়েল মিডিয়াত আপলোড কৰিলে ভিডিঅ।
৬. ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৬৮ জন।
৭. ৰহা আৰু কামপুৰৰ বানবিধ্বস্ত অঞ্চল পৰিভ্ৰমণ কৃষি মন্ত্ৰী অতুল বৰাৰ। কৃষকক কঠিয়া যোগান ধৰাৰ প্ৰতিশ্ৰুতি।
৮. আৰব সাগৰত পৰিল পৱন হান্সৰ হেলিকপ্টাৰ, ৪ জনৰ কৰুণ মৃত্যু।
৯. জাদিনীয়া পৰম্পৰা ৰাখি গুৱাহাটীৰ সমীপৱৰ্তী ডিমৰীয়াৰ ধোপগুৰিত পালন হ’ল মাল গোসাঁই পূজা। লোকবিশ্বাস আৰু পৰম্পৰা মতে ৰূদ্ৰৰূপী শিৱ আৰু দেৱী মহামায়াক পূজা আগবঢ়ায় স্থানীয় লোকে।
১০. এঘাৰ দিন ধৰি সংহাৰী বানৰ কবলত বৰাকৰ জিলাকেইখন। হাইলাকান্দিত বান সাহায্যক লৈ একাংশ চলাইছে অসাধু বেহা।
১১. চিৰাঙৰ বিজনীত মাক্ৰা নৈৰ বাঢ়নী পানীত SDRFৰ উদ্ধাৰ অভিযান। জেৱেশ্বৰ বড়ো নামৰ এজনৰ সন্ধানত SDRFৰ দলে চলায় অভিযান।
১২. নলবাৰীৰ টিহুৰ বানাক্ৰান্ত এলেকাত মন্ত্ৰী নন্দিতা গাৰ্লোছা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰীগৰাকীয়ে।
১৩. শিলচৰত অপৰিৱৰ্তিত বান পৰিস্থিতি। বিগত এঘাৰটা দিন পানীৰ তলত বুৰ গৈ আছে শিলচৰ চহৰখন।
১৪. ভতিজাক হত্যা কৰাৰ দোষত গোলাঘাটত এজনক যাৱজ্জীৱন কাৰাদণ্ড। দদায়েকক এই শাস্তিৰ ৰায় গোলাঘাট জিলা সত্ৰ ন্যায়াধীশ আদালতৰ।
১৫. মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ কাষত দেৱেন্দ্ৰ ফাৰনবীছ। লগত আছে বিজেপি বিধায়কৰ দল এটা।
১৬. গহপুৰত ভয়ংকৰ ৰূপ লৈছে বালিজান নৈৰ বাঢ়নী পানীয়ে।হঠাতে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিল বাঢ়নী পানী।
১৭. ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মঙলবাৰে অনুষ্ঠিত হ’ল বিংশতিতম দীক্ষান্ত সমাৰোহ। ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ জগদীশ মুখীৰ পৌৰহিত্যত অনুষ্ঠিত সমাৰোহত বিশিষ্ট কবি, গীতিকাৰ, গায়িকা তথা শিক্ষাবিদ ড০ লক্ষ্যহীৰা দাসক প্ৰদান কৰা ডি. লিট সন্মান।
১৮. ৰাজ্যজুৰি অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। শেহতীয়াকৈ সমগ্ৰ ৰাজ্যত সংহাৰ চলাইছে বান-খহনীয়াই। ৰাজ্যত প্ৰথমটো বাৰিষাতে বলিয়া বানত প্ৰাণ গ’ল ৯০ৰো অধিক লোকৰ ।
১৯. জানুৱাৰীলৈ হাত সাবটি বহি নাথাকে চৰকাৰ। নৱেম্বৰৰ পৰাই আৰম্ভ হ’ব মথাউৰি নিৰ্মাণৰ কাম। আশ্বাস জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাৰ।
২০. জাগীৰোড সূতা মিলৰ আৱাসীক জোৰজুলুমৰ অভিযোগ- ভাৰতীয় যুৱ মঞ্চৰ নামৰ সংগঠনটোৰ বিৰুদ্ধে এই অভিযোগ
২১. মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বৰপেটাৰ বান পৰিস্থিতিৰ বুজ লয়। বজালীৰ পিছত মুখ্যমন্ত্ৰী উপস্থিত হয় বৰপেটা সত্ৰত।
২২. নাৰায়ণপুৰত চাৰিখন নৈৰ বাঢ়নী পানীয়ে লৈছে সংহাৰী ৰূপ। বৃদ্ধি পাইছে চেঁচা, দোৰপাং, দিহিৰি, পিচলা নৈৰ জলস্তৰ।
২৩. মুম্বাইৰ কুৰ্লাত অঘটন।অট্টালিকা খহি মৃত্যু ১০ জনৰ।
২৪. জাৰ্মানীত G7 শীৰ্ষ সন্মিলনত অংশ গ্ৰহণ কৰি নতুন দিল্লীলৈ ওভতাৰ পথত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে এঘণ্টাৰ বাবে নামে আবু ধাবিত।
২৫. বেলতলাত বৰশী ব্যৱসায়ীৰ ঘৰত আৰক্ষীৰ অভিযান। অভিযানত শ্বিলঙৰ বৰশী ব্যৱসায়ীৰ ঘৰৰ পৰা জব্দ সোণ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/N8fpvqw
via IFTTT
Comments
Post a Comment