হাইমাদ্ৰাছাত তৃতীয় স্থানৰে কলিয়াবৰলৈ গৌৰব কঢ়িয়ালে ইৰ্শ্বাদউল্লাহে…

ডিজিটেল সংবাদ কলিয়াবৰ: অসম হাইমাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান দখল কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়ালে বৰঘূলী জাতীয় বিদ্যালয়ৰ ছাত্ৰ ইৰ্শ্বাদ উল্লাহে। মুঠ ৫৪৯ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰে ছাত্ৰজনে। কলিয়াবৰ মহকুমাৰ অতিকে পিছপৰা ৪নং ভূৰবন্ধাৰ আব্দুছ চাত্তাৰৰ পুত্ৰ ইৰ্শ্বাদউল্লাহে অতি কষ্টৰে অধ্যয়ন কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

বৰঘূলী জাতীয় বিদ্যালয়ৰ ছাত্ৰ ইৰ্শ্বাদ উল্লাহে বৰঘূলী হাইমাদ্ৰাছা স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ফলাফল ঘোষণাৰ পিছতেই আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰে দুয়োখন বিদ্যালয়তে। ভবিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন অতিকে পিছপৰা অঞ্চলৰ পৰা সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্ৰজনৰ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/vWwn4Tx
via IFTTT

Comments