লিডু টিৰাপ নৈত মাছ মাৰিবলৈ গৈ মহিলাৰ সলিল সমাধি…

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত আজি এক অঘটন সংঘটিত হয় । মাছ মাৰিবলৈ যাওঁতেই লিডু বিছা গাঁৱৰ টিৰাপ নদীত সলিল সমাধি ঘটে এগৰাকী ৪৫ বছৰীয়া মহিলাৰ ৷ মহিলা গৰাকীৰ নাম সীতা সিং ৰাজপুত বুলি জানিব পৰা গৈছে ৷
লিডু বিচা গাওঁ নিবাসী মহিলা গৰাকীৰ বাতৰি প্ৰস্তুত কৰা সময়লৈকে কোনো সন্ধান পোৱা নাই। ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছৰে পৰা এছ ডি আৰ এফ বাহিনীয়ে ঘটনা সংঘটিত হোৱা স্থানত অভিযান চলাই যদিও সীতাৰ সন্ধান উলিয়াব পৰা নাই। সমগ্ৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্য।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6QlG2Km
via IFTTT
Comments
Post a Comment