সদৌ অসম মইনা পাৰিজাতে অনুষ্ঠিত কৰা ডালিমী বৰা সোঁৱৰণী বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা…

ডিজিটেল ডেস্কঃ সদৌ অসম মইনা পাৰিজাতে ২০২১ বৰ্ষত মইনা আৰু চেমনীয়া সকলৰ মাজত অনুষ্ঠিত কৰা ডালিমী বৰা সোঁৱৰণী সাহিত্য প্ৰতিযোগিতাৰ ফলাফল সমুহ ঘোষণা কৰিছে।মইনা সকলৰ মাজত দুটা শাখাত আৰু প্ৰাক্তন মইনা অথাৎ চেমনীয়া সকলৰ মাজত অনুষ্ঠিত কৰা সাহিত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কপা প্ৰতিযোগী সকলৰ অংশ গ্ৰহণ উৎসাহ জনক আছিল।

ৰচনা প্ৰতিযোগিতাৰ বিষয় মই যদি শিক্ষক হওঁ শিৰ্ষক বিষয়ত প্ৰথম পুৰস্কাৰ লাভ কৰে যোৰহাট জিলা মইনা পাৰিজাতৰ অন্তৰ্গত নৱজ্যোতি মইনা পাৰিজাতৰ মইনা অনুস্কৃতা দেৱতৃষ্ণাই, দ্বিতীয় স্থান লাভ কৰে নামনি লক্ষিমপুৰ জিলা মইনা পাৰিজাতৰ অন্তৰ্গত পূৱেৰুণ মইনা পাৰিজাতৰ মইনা বৰ্ণা শইকীয়াই।

গল্প প্ৰতিযোগিতাৰ প্ৰথম লাভ কৰে ধেমাজি জিলা মইনা পাৰিজাতৰ অন্তৰ্গত অংকুৰ মইনা পাৰিজাতৰ মইনা ধৃতিদীপা দত্তই, দ্বিতীয় স্থান লাভ কৰে উত্তৰ লক্ষীমপুৰ মইনা পাৰিজাতৰ অন্তৰ্গত হিন্দু গাঁও মৌ সনা মইনা পাৰিজাতৰ মইনা ৰিম্পি দত্তই, তৃতীয় স্থান লাভ কৰে যোৰহাট জিলা মইনা পাৰিজাতৰ জ্ঞান বিকাশ মইনা পাৰিজাতৰ ৰাছাজ পি কাশ্যপে,চতুৰ্থ স্থান গহপুৰ জিলা মইনা পাৰিজাতৰ অন্তৰ্গত বসন্ত প্ৰদীপ মইনা পাৰিজাতৰ সমীক্ষা বৰাই আৰু পঞ্চম স্থান লাভ কৰে নামনি লক্ষীমপুৰ অন্তগৰ্ত নৱৰূপ মইনা পাৰিজাতৰ প্ৰাণজিৎ ভূঞাই। স্বৰচিত কবিতা প্ৰতিযোগিতাত নামনি লক্ষীমপুৰ জিলা পাৰিজাতৰ অন্তৰ্গত জাগ্ৰত মইনা পাৰিজাতৰ দেৱস্মিতা হাজৰিকা আৰু কৃষ্ণামনি বৰ্মনে যৌথ ভাবে প্ৰথম পুৰস্কাৰ লাভ কৰে।

দ্বিতীয় স্থানো যৌথ ভাবে লাভ কৰে চৰাইদেউ জিলা মইনা পাৰিজাতৰ অন্তৰ্গত কিশলয় মইনা পাৰিজাতৰ প্ৰিয়মপঙ্খী বৰগোহাঁই আৰু নামনি লক্ষীমপুৰৰ নৱৰূপ মইনা পাৰিজাতৰ প্ৰাণজিৎ ভূঞা। তৃতীয় স্থান লাভ কৰে গহপুৰৰ সেউজী মইনা পাৰিজাতৰ মাইনী বৰাই,চতুৰ্থ স্থান লাভ কৰে চৰাইদেউৰ অংকুৰণ মইনা পাৰিজাতৰ সুকন্যা কোঁৱৰে আৰু পঞ্চম স্থান লাভ কৰে ধেমাজি অংকুৰ মইনা পাৰিজাতৰ ধৃতিদীপা দত্তই ।সাধুলিখা প্ৰতিযোগিতা প্ৰথম স্থান লাভ কৰে নামনি লক্ষীমপুৰ জিলা মইনা পাৰিজাতৰ জিতু ভূঞাই, দ্বিতীয় স্থান যৌথ ভাবে লাভ কৰে ধেমাজি জিলাৰ দৰ্শনজ্যোতি বুঢ়াগোহাঁই আৰু নামনি লক্ষীমপুৰ জিলাৰ ৰিনিচায়া হাজৰিকাৰই। গহপুৰ জিলা মইনা পাৰিজাতৰ সমীক্ষা বৰাই তৃতীয় একে জিলাৰে নয়নি বৰাই চতুৰ্থ স্থান লাভ কৰে।

নামনি লক্ষীমপুৰ জিলাৰ কৃষ্ণা মনি বৰ্মন আৰু চৰাইদেউ জিলাৰ কাশ্মীৰি বৰাই যৌথ ভাবে পঞ্চম স্থান লাভ কৰে।চেমনীয়া সকলৰ মাজত অনুষ্ঠিত হোৱা স্বৰচিত কবিতাৰ প্ৰথম স্থান যোৰহাট জিলাৰ আলোকসন্ধানী মইনা পাৰিজাতৰ অবিনাশ শইকীয়াই, দ্বিতীয় স্থান লাভ কৰে ডিব্ৰুগড় জিলাৰ অংকুৰ মইনা পাৰিজাতৰ বহ্নিমান গগৈ, তৃতীয় যোৰহাট জিলাৰ নৱজাত মইনা পাৰিজাতৰ দিক্ষীতা কলিতা, চতুৰ্থ স্থান লাভ কৰে নামনি লক্ষীমপুৰৰ সন্ধানী মইনা পাৰিজাতৰ নন্দিতা বৰা, পঞ্চম স্থানত গহপুৰৰ জ্ঞানজ্যোতি মইনা পাৰিজাতৰ জাস্নবী চুতীয়াই লাভ কৰে। ৰচনা প্ৰতিযোগিতাৰ বিষয় “মোৰ দৃষ্টিত ক’ৰোনা মহামাৰীয়ে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কৰা ক্ষতিপূৰণ উপায়” প্ৰথম স্থান যৌথ ভাবে লাভ কৰে কলিয়াবৰ জিলাৰ জনসেৱা মইনা পাৰিজাতৰ প্ৰজ্ঞান জ্যোতি বৰ্মনে আৰু দ্বিতীয় যোৰহাটৰ ত্ৰিবেণী মইনা পাৰিজাতৰ পিনাক্ষী হাজৰিকাই ।

দ্বিতীয় স্থান লাভ কৰে নামনি লক্ষীমপুৰ পূবেৰুণ মইনা পাৰিজাতৰ কৰিশ্মা শইকীয়াই, তৃতীয় স্থান লাভ কৰে গহপুৰৰ জ্ঞানজ্যোতি মইনা পাৰিজাতৰ জাহ্নৱী চুতীয়াই, যুটীয়া ভাৱে চতুৰ্থ স্থান লাভ কৰে নামনি লক্ষীমপুৰ সন্ধানী মইনা পাৰিজাতৰ নন্দিতা বৰা আৰু যোৰহাট জিলাৰ নৱজাত মইনা পাৰিজাতৰ প্ৰতিশ্ৰুতি মহন্তই, পঞ্চম স্থান লাভ কৰে গহপুৰৰ জ্ঞানজ্যোতি মইনা পাৰিজাতৰ নয়নী বৰাই।স্বৰচিত গল্প প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ দাপোন মইনা পাৰিজাতৰ অন্তৰীক্ষা চেতিয়াই, দ্বিতীয় স্থান যুটীয়া ভাৱে লাভ কৰে নামনি লক্ষীমপুৰ সন্ধানী মইনা পাৰিজাতৰ নন্দিতা বৰা আৰু নামনি লক্ষীমপুৰ অন্মেষা অৰিন্দম মোদক বৰুৱাই, তৃতীয় স্থান গহপুৰৰ জ্ঞানজ্যোতি মইনা পাৰিজাতৰ জাহ্নৱী চুতীয়াই, চতুৰ্থ স্থান লাভ কৰে গহপুৰৰ জ্ঞানজ্যোতি মইনা পাৰিজাতৰ তনমন বৰাই, পঞ্চম স্থান লাভ কৰে নামনি লক্ষীমপুৰৰ জাগ্ৰত মইনা পাৰিজাতৰ কৃষ্ণা মনি বৰ্মনে লাভ কৰে।

সাধু লিখা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নামনি লক্ষীমপুৰ সুবাসনা শইকীয়াই, দ্বিতীয় স্থান লাভ কৰে গহপুৰ জিলা মইনা পাৰিজাতৰ বিশ্বজিৎ শইকীয়াই।সদৌ অসম মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক ৰাতুল বৰা আৰু সম্পাদক বীৰেন কলিতাই জানিবলৈ দিয়ে যে গুৱাহাটী জিলা মইনা পাৰিজাতৰ আমন্ত্ৰণত সৰুসজাইৰ পাৰিজাত প্ৰকল্পত প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হব লগা ৩ জুলাইৰ মুকলি সভাত বঁটা সমুহ প্ৰদান কৰা হব।সভাত সকলো জিলাৰ সভাপতি, সম্পাদক, আজীৱন সভ্য আৰু প্ৰতিযোগিতাৰ বিজয়ী সকলক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/v0zWOAX
via IFTTT

Comments