নিশা ১০ বজাৰ পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীত ভয়াবহ কৃত্ৰিম বান…

ডিজিটেল ডেস্কঃ নিশাৰে পৰা অহা নেৰা নেপেৰা বৰষুণৰ ফলত সমগ্ৰ গুৱাহাটীত পুনৰ কৃত্ৰিম বানপানী। নিশা প্ৰায় ১০ বজাৰ পৰা আৰম্ভ হোৱা বৰষুণজাক পুৱা পৰ্যন্ত শেষ নোহোৱাত মহানগৰীৰ প্ৰায় সকলো বোৰ পথেই বৰ্তমান পানীৰ তলত। নিশা আৰম্ভ হৈ শেষ নোহাৱা বৰষুণ জাকৰ লগতে ইয়াৰ ফলত সৃষ্টি হোৱা বানপানীৰ ফলত বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানত কৰ্মৰত লোকসকল কাৰ্যালয়তে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।
বিশেষকৈ দৈনিক কাকত, টেলিভিছন চেনেল, চিকিৎসালয়, ব্যক্তিগত প্ৰতিষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানত নিয়োজিত হৈ থকা লোকসকল বৰষুণ আৰু বানপানীৰ ফলত নিজ নিজ কাৰ্যালয়তে পুৱা পৰ্যন্ত আৱব্ধ হৈ থাকিবলগীয়া হৈছে। কৃত্ৰিম বান এই পৰ্যন্ত হ্ৰাস নোহোৱাত এইসকল কৰ্মচাৰী এতিয়াও স্বগৃহলৈ যাবলৈ পৰা নাই।
আনহাতে নেৰানেপেৰা বৰষুণ জাকৰ ফলত সৃষ্টি হোৱা এই বান মহানগৰীত এই বছৰ হোৱা কৃত্ৰিম বানৰ সমূহৰ ভিতৰত অন্যতম বৃহৎ বুলি একাংশ লোকে মত ব্যক্ত কৰিছে। বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানক এই কৃত্ৰিম বানে যথেষ্ঠ ক্ষতি কৰাৰ লগতে ৰাজপথত ৰখাই থোৱা বিভিন্ন বাহনৰো ক্ষতি কৰিছে বুলি জানিব পৰা গৈছে।

from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lx6EQ90
via IFTTT
Comments
Post a Comment