মাৰ্ঘেৰিটা পথ দুৰ্ঘটনাত এজন থিতাতে নিহত

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধীয়া সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত। AS23 Y 8135 নম্বৰৰ স্কুটি চালক ৰবি প্ৰকাশ সিং(৩৮) নামৰ যুৱকজনে মাৰ্ঘেৰিটা পৰা মাকুম পথাৰ নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত মাকুম বাগান তিনিআলি সমিপত পাছফালৰ কোনো অচিনাক্ত গাড়ীয়ে খুণ্ডা মৰাৰ ফলত ৰবি প্ৰকাশ থিতাতে নিহত হয় ।

অৱশ্য স্থানীয় লোকে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ ৰবিক আনিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। মাৰ্ঘেৰিটা মাকুম পথাৰ নিবাসী ৰবি প্ৰকাশৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।


আৰু পঢ়ক: নাওত উঠাৰ সময়তে নদীত পৰিল গাড়ী সহ চালক, এতিয়াও নাই কোনো খবৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Vmi40QA
via IFTTT

Comments