অভিযানকাৰী আৰক্ষীৰ বাহনত ট্ৰাকৰ খুন্দা…

ডিজিটেল সংবাদ,নগাঁও : মাজনিশা নগাঁও আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।নগাঁৱৰ বৰঘাট আৰক্ষীৰ বাহনক মহতীয়াই নিয়ে তীব্ৰবেগী ট্ৰাকে। নগাঁৱৰ ঘাহিত মাজনিশা আৰক্ষীৰ পেট্ৰলিংৰ সময়তে তীব্ৰবেগী AS 01KC 0548 নম্বৰৰ ট্ৰাকখনে মহতিয়াই নিয়ে আৰক্ষীৰ বাহনখন।
দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় আৰক্ষীৰ বাহনখনৰ চালকজন ৷সৌভাগ্যক্ৰমে ৰক্ষা পৰে বৰঘাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফিৰোজ দলেসহ আন আৰক্ষীলোক সকল।দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখনৰ চালকজনে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/qrAui05
via IFTTT
Comments
Post a Comment